• আৰক্ষীৰ পৰিয়ালতে বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যু

    আঞ্চলিক
    আৰক্ষীৰ পৰিয়ালতে বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যু

    তেজপুৰ : ৰাজ্যত পুনৰ বনকৰা ছোৱালীৰ মৃত্যু ঘটে। শাৰীৰিক অত্যাচাৰৰ বলি হৈ মৃত্যু হৈছে এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ। তেজপুৰৰ এটা আৰক্ষীৰ পৰিয়ালত ঘৰুৱা বন কৰিবলৈ নিয়া এগৰাকী কিশোৰীৰ মৃত্যুক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।





    গোলাঘাট জিলাৰ দেৰগাঁৱত কৰ্মৰত তেজপুৰৰ অনুৰূপা শইকীয়া (জোন) নামৰ মহিলা আৰক্ষী কনিষ্টবলগৰাকীৰ সৈতে বনকৰা হিচাপে আছিল তেজপুৰ ন-পামৰ চিপি ভেংৰা নামৰ কিশোৰীগৰাকী। বিগত ৩ছেপ্টেম্বৰত কিশোৰীগৰাকীৰ পিতৃ-মাতৃক দেৰগাঁৱলৈ মাতি নি অসুস্থ অৱস্থাত ঘৰলৈ পঠিয়াই দিয়ে অনুৰূপা শইকীয়াই। সংকটজনক অৱস্থাত কিশোৰীগৰাকীক শনিবাৰে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও দেওবাৰে মৃত্যু হয় কিশোৰীগৰাকীৰ।





    পৰিয়ালৰ লোকে কিশোৰীগৰাকীক মহিলা আৰক্ষী অনুৰূপা শইকীয়াই অকথ্য শাৰীৰিক নিৰ্যাতন চলোৱাৰ পৰিণতিত অসুস্থহৈ মৃত্যুক সাৱটি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে। আনহাতে, কিশোৰীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি কাৰ্যবাহী দণ্ডাধীশে কিশোৰীগৰাকীৰ দেহত আঘাতৰ চিন পোৱাৰ কথা স্পষ্ট কৰিছে। উল্লেখ্য যে, কনিষ্টবলগৰাকীৰ স্বামী ৰাজীৱ বৰাও এজন আৰক্ষী আৰু তেওঁ তেজপুৰ সদৰ থানাত কৰ্মৰত।





    ইতিমধ্যে ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ ককায়েক জুলুচ ভেংৰাই তেজপুৰ সদৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২/৩৭৬ ধাৰা Read with Section 4 of POSCO আইনৰ অধীনত এক গোচৰ ৰুজু (তেজপুৰ থানাৰ গোচৰ নম্বৰ ১৮৮৮/২০২১) ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। বৰ্তমান পলাতক অৱস্থাত আছে কনিষ্টবল অনুৰূপা শইকীয়া।