• আৰক্ষীৰ হাতত আটক নয়ন ঘোষ: কিদৰে চলাইছিল চুপাৰিৰ চোৰাং বেহা

    আঞ্চলিক
    আৰক্ষীৰ হাতত আটক নয়ন ঘোষ: কিদৰে চলাইছিল চুপাৰিৰ চোৰাং বেহা

    ডিজিটেল ডেস্ক : চৰকাৰৰ কঠোৰ স্থিতিৰ মাজতো চলি আছে চুপাৰিৰ চোৰাং বেহা ৷ নিতৌ অসমৰ মাজেৰে পাৰ হৈছে কোটি কোটি টকাৰ বাৰ্মিজ চুপাৰি ৷ এইবাৰ চুপাৰিৰ চোৰা বেহা চলাই আৰক্ষীৰ হাতত আটক হয় মাফিয়া নয়ন ঘোষ৷ পল্টন বজাৰ আৰক্ষীয়ে আটক কৰে দুধৰ্ষ অপৰাধী নয়ন ঘোষক৷ জানিব পৰা মতে, পল্টনবজাৰৰ এখন হোটেলৰ পৰা নয়নক আটক কৰো আৰক্ষীয়ে৷





    চৰকাৰৰ কঠোৰ স্থিতিৰ মাজতো অব্যাহত আছিল কয়লা চিণ্ডিকেট ৷ শিলচৰ আৰু ত্ৰিপুৰাৰ ধৰ্মনগৰৰ পৰা নিয়ন্ত্ৰণ হৈ আছিল চোৰাং বেহা৷ বাৰ্মিজ চুপাৰি বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ কৌশল সলনি কৰি এটা চক্ৰই চলাই গৈছিল চোৰাং বেহা ৷ এই চুৰি চক্ৰটোৰ নেতৃত্বত আছিল নয়ন ঘোষ , আবু বক্কৰ আৰু মন্দীপ সিং৷ নয়ন ঘোষ , আবু বক্কৰ আৰু মন্দীপ সিঙক সহযোগ কৰি আহিছে বিল্লাল আহমেদ আৰু নাৰু পাল নামৰ দুজন যুৱকে৷ জানিব পৰা মতে বিল্লালৰ মিজোৰামত আছে বিশেষ দখল ৷ আনকি মিজোৰামৰ মুখ্যমন্ত্ৰীৰ নামত ধন সংগ্ৰহ কৰাৰো অভিযোগ আছে বিল্লালৰ বিৰুদ্ধে ৷ ত্ৰিপুৰাৰ ধৰ্মনগৰত মজুত কৰা চুপাৰি নয়নে ৰে'লযোগে প্ৰেৰণ কৰে বহিঃৰাজ্যলৈ৷





    উল্লেখযোগ্য যে , শেহতীয়াকৈ ৰে'লযোগে বাহিৰলৈ প্ৰেৰণ কৰা প্ৰায় ১৪ কোটি টকা মূল্যৰ চুপাৰি জব্দ কৰিছে ৰে'ল আৰক্ষীয়ে৷ ইফালে শিলচৰত বাহৰ পাতি সৰু সৰু বাহনেৰে ৰাজ্যৰ বিভিন্ন স্থানলৈ চুপাৰি সৰবৰাহ কৰি আহিছে আবু বক্কৰে ৷ অভিযোগ অনুসৰি, শীৰ্ষ আৰক্ষী বিষয়াক নহয় নিদিষ্ট থানাৰ আৰক্ষীক মেনেজ কৰি বেপাৰ চলাই আছে আবু বক্কৰে ৷ শিলচৰৰ পৰা গুৱাহাটীৰ মাজেৰে বিভিন্ন স্থানলৈ যোৱা গাড়ীসমূহ পাচিঙৰ দায়িত্বত থাকে গুৱাহাটীৰ মন্দীপ সিঙ৷ ইতিপূৰ্বে কয়লাৰ চোৰাং বেহাত জড়িত থকাৰ অপৰাধত বেলতলাত গ্ৰেপ্তাৰ হৈছিল মন্দীপ ৷ এই ক্ষেত্ৰত মন্দীপক সহায় কৰে নাৰু পালে ৷ এতিয়া প্ৰশ্ন হ’ল ৰে'ল আৰক্ষীয়ে বিগত সময়চোৱাত যি সমূহ চোৰাং চুপাৰি জব্দ কৰিছে সেইবোৰ প্ৰকৃততে কাৰ ?