• আৰক্ষী-চিকিৎসকৰ কৃপাত ৰাজ্যত ব্ৰইলাৰ, গাহৰিৰ বৃহৎ ছিণ্ডিকেট

    আঞ্চলিক
    আৰক্ষী-চিকিৎসকৰ কৃপাত ৰাজ্যত ব্ৰইলাৰ, গাহৰিৰ বৃহৎ ছিণ্ডিকেট

    ধুবুৰী : আৰক্ষী আৰু পশু চিকিৎসকৰ কৃপাত ৰাজ্যত ব্ৰইলাৰ, গাহৰিৰ বৃহৎ ছিণ্ডিকেট গঢ়ি উঠিছে। এই কথা স্বীকাৰ কৰিছে ধুবুৰী জিলা পশু চিকিৎসকে। আৰক্ষী, পশু চিকিৎসকক মেনেজ কৰি ছিণ্ডিকেট চক্ৰই প্ৰতিদিনে অসমত প্ৰৱেশ কৰাই ব্ৰইলাৰ, গাহৰিৰ ট্ৰাক৷ ৰাজ্যত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে বহিঃৰাজ্যৰ ব্ৰইলাৰ মুৰ্গী।





    আৰু পঢ়িব পাৰিব : ‘মহা শিৱৰাত্ৰি’ : শিৱসাগৰত চাৰিদিনীয়াকৈ উদযাপন শিৱৰাত্ৰীৰ…





    কিন্তু এই নিষিদ্ধাতৰ মাজতো প্ৰতিদিনে ছাগলীয়া হৈ ৰাজ্যত প্ৰৱেশ কৰি আছে শ শ ব্ৰইলাৰ মুৰ্গীৰ ট্ৰাক। ব্ৰইলাৰ মুৰ্গীক লৈ ৰাজ্যত এতিয়া গঢ়ি উঠিছে বৃহৎ ছিণ্ডিকেট। নিশা ধুবুৰী কলেজ আৰক্ষীয়ে আদবাৰীৰ পৰা জব্দ কৰে দুখনকৈ ব্ৰইলাৰভৰ্তি ডি আই ভেন। আৰক্ষীয়ে জব্দ কৰাৰ পাছতে ভয়ংকৰ তথ্য ফাদিল হৈছে।





    আৰু পঢ়িব পাৰিব : পথ দুৰ্ঘটনাত থিতাতে নিহত ৮জনৰ : অনুসন্ধান অব্যাহত





    পশু চিকিৎসকে ব্ৰইলাৰ গাড়ী আটক কৰিলে ডি আই জী ৰ মানুহ বুলি ভাবুকি দি গাড়ী পাৰ কৰাই লৈ যোৱাৰ অভিযোগ। প্ৰতিখন ব্ৰইলাৰ গাড়ীৰ অসমত প্ৰৱেশ কৰাৰ নামত মোটা ধন সংগ্ৰহৰ অভিযোগ জিলা পশু চিকিৎসা বিষয়ৰ বিৰুদ্ধে।