• আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন : মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদৰ হুংকাৰ অখিলৰ

    আঞ্চলিক
    আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন : মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদৰ হুংকাৰ অখিলৰ

    গুৱাহাটী: আজিৰেপৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন৷ ১৩ আগষ্টলৈকে চলিব লগীয়া অধিৱেশনে ইতিহাস ৰচিব! প্ৰথমবাৰৰ বাবে ৰাজ্যৰ মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট৷ ১৬ জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট৷





    বিধানসভাৰ প্ৰথম দিনাই গো-সুৰক্ষা বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে৷ গো-সুৰক্ষাকে ধৰি ৩খন বিধেয়ক উত্থাপন হ’ব আজি বিধানসভাত৷ গো-সুৰক্ষা সন্দৰ্ভত তুমুল বিতৰ্কৰ সূত্ৰপাত হোৱাৰ সম্ভাৱনা আছে সদনত৷





    ইপিনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিধানসভাত বিৰোধীৰ ঐক্যবদ্ধ প্ৰতিবাদৰ হুংকাৰ বিধায়ক অখিল গগৈৰ৷ বিধানসভাত উপস্থিত হৈয়েই ‘হয় আলোচনা হ’ব, নহয় সভা স্থগিত প্ৰস্তাব আনিম’ বুলি অখিল গগৈয়ে মন্তব্য কৰে৷