নগাঁও : আৰ্থিক দুৰৱস্থাৰ বাবে প্ৰতিভা বিকাশত হেঙাৰ হৈ পৰিছে এগৰাকী প্ৰতিভাসম্পন্ন যুৱতীৰ। নগাঁও ননৈ মাজপানিগাঁৱৰ কৰীস্মিত দাসে আৰ্থিক দৈন্যতাৰ বাবে কান্ধত তুলি ল'ব লগা হৈছে নাঙল। যিটো সময়ত একাংশ যুৱতী সৌন্দৰ্যচৰ্চাত ব্যস্ত আছে, তেনে সময়ত নাঙলৰ মুঠিত ধৰিলে এই গৰাকী যুৱতীয়ে। পিতৃ-মাতৃ দুয়োগৰাকী ৰোগাক্ৰান্ত।
সেয়ে ঘৰৰ সকলো গুৰু দায়িত্ব মূৰ পাতি ল'বলগা হৈছে কৰীস্মিতাই। এসাঁজ খায়, এসাঁজ লঘোণে থকা কৰীস্মিতা হালবোৱা-কঠিয়াতোলা-ভূই ৰুৱা-গছত উঠা-তাঁতশাল বোৱা-সকলোতে পাৰ্গত। সমান্তৰালকৈ শিক্ষা, নৃত্যৰ-গীত-যোগাসন-ক্ৰীয়া সকলোতে পাৰ্গত উচ্চতৰ মাধ্যোমিকৰ চূড়ান্ত বৰ্ষৰ এই গৰাকী প্ৰতিভাসম্পন্ন যুৱতী। আনহাতে, সংগীত শুনিবলৈ ঘৰত কোনো সুবিধা নথকা স্বত্ত্বেও একমাত্ৰ নিজৰ মনৰ একাগ্ৰতাৰ আৰু দৃঢ়তাৰ বাবে লোকগীত, বৰগীত, জ্যোতিসংগীত, ৰাভাসংগীত, বিয়ানাম, দিহানাম, সুধাকণ্ঠ ভূপেন হাজৰিকা, জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ গীত সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰে কৰীস্মিতাই। সকলো দিশতে পাৰ্গত এইগৰাকী প্ৰতিভাসম্পন্ন যুৱতী এতিয়া অৰ্থৰ সংকটত। সেয়েহে কোনো সুহৃদয় লোকৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ সহায় লাগে কৰীস্মিতাক।
Leave A Comment