• আৰ্থিক দীনতা! মহানগৰীৰ প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰীৰ আত্মহত্যা

    আঞ্চলিক
    আৰ্থিক দীনতা!  মহানগৰীৰ প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰীৰ আত্মহত্যা

    গুৱাহাটী: আৰ্থিক দীনতাৰ বাবে প্ৰিণ্টিং প্ৰেছৰ এজন স্বত্বাধিকাৰীৰ চিপ লৈ আত্মহত্যা। এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হয় মহানগৰী বামুনিমৈদামৰ ‘ইগনিশ্বন’ নামৰ প্ৰিণ্টিং প্ৰেছত। নুনমাটিৰ বাসিন্দা তপন পাটগিৰিয়ে বামুনিমৈদামত ইগনিশ্বন নামৰ এটা প্ৰিণ্টিং প্ৰেছৰ ব্যৱসায় কৰি আছিল।





    বিগত দুটা বছৰ লকডাউনত প্ৰিণ্টিং প্ৰেছ বন্ধ হৈ থকাত ব্যৱসায়ীসকলে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। ব্যৱসায়ৰ মন্দা অৱস্থাৰ বাবে প্ৰেছৰ স্বত্বাধিকাৰী তপন পাটগিৰিয়ে লাখ লাখ টকাৰ ঋণ ল'বলগীয়া হয়। বেংকৰ পৰা লোৱা ঋণ পৰিশোধ কৰিব নোৱাৰি তপন পাটগিৰিয়ে মানসিকভাৱে ভাগি পৰিছিল। দেওবাৰে দিনৰ ভাগত নিজৰ প্ৰিন্টিং প্ৰেছত আহি চিপ লৈ আত্মহত্যা কৰে। ঘটনাস্থলীত চানমাৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে GMCH লৈ।





    আৰ্থিক অনাতনত ভুগি ছপাশালৰ স্বত্বাধিকাৰী তপন পাটগিৰিয়ে আত্মহত্যা কৰাত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ব্যৱসায়ী তপন পাটগিৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ছাপাশাল সন্থাই, লগতে চৰকাৰক ছপাশাল ব্যৱসায়ীসকলক এবাৰ চকু মেলি চাই আৰ্থিক সাহায্য আগবঢ়াবলৈ অনুৰোধ জনাইছে।