• ইউএলবিৰ এনকাউণ্টাৰ: ১৫ দিনীয়া সন্তান কোলাত লৈ পত্নীৰ দাবী এয়া ভুৱা এনকাউণ্টাৰ; কাৰ পক্ষত বিটিআৰ প্ৰধ

    আঞ্চলিক
    ইউএলবিৰ এনকাউণ্টাৰ: ১৫ দিনীয়া সন্তান কোলাত লৈ পত্নীৰ দাবী এয়া ভুৱা এনকাউণ্টাৰ; কাৰ পক্ষত বিটিআৰ প্ৰধ

    ডিজিটেল ডেস্কঃ যোৱানিশা কোকৰাঝাৰ আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় দুগৰাকী ইউ এল বি সদস্য ক্ৰমে টিপকাইৰ জনক ব্ৰহ্ম আৰু পাতগাঁওৰ জৌংসাৰ মুছাহাৰী। আজি কোকৰঝাৰৰ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে সংবাদ মেলযোগে সংঘৰ্ষৰ সবিশেষ বৰ্ণনা কৰে।কিন্তু আৰক্ষীৰ দাবীৰ বিপৰীতে জৌংসাৰ মুছাহাৰীৰ পৰিয়ালৰ লোকে আগবঢ়ায় অন্য ভাষ্য। কোলাত পোন্ধৰ দিনীয়া সন্তান লৈ তেওঁৰ পত্নীয়ে কান্দি কান্দি সাংবাদিকৰ সন্মুখত কয় যে জৌংসাৰ ইউ এল বি সদস্য নহয়।





    তেওঁ এন ডি এফ বিৰ প্ৰাক্তন কেডাৰ যদিও এতিয়া কোনো সশস্ত্ৰ সংগঠনৰ সৈতে তেওঁৰ সম্পৰ্ক নাই। তেওঁ কয় যে যোৱা ১৬ ছেপ্টেম্বৰত জৌংসাৰ আৰু তেওঁৰ সতীৰ্থগৰাকী ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু যোৱাকালি অৰ্থাৎ ১৭ ছেপ্টেম্বৰৰ দিনা দুয়ো আফলাগাঁৱত এক দুৰ্ঘটনাত পতিত হয় আৰু ভৰিত আঘাত পায়। দুৰ্ঘটনাৰ পিছতে গাঁৱৰ মানুহে আৰক্ষীক অৱগত কৰে আৰু ছেৰফাংগুৰী আৰক্ষীয়ে তেওঁলোকক আটক কৰি থানালৈ নিয়ে।





    থানাত নিয়াৰ পিছত আৰু পৰিয়ালৰ লোকৰ সৈতে কথা পতাৰ পিছত পুৱতি নিশা দুয়ো কিদৰে এনকউণ্টাৰত নিহত হ’ল সেই লৈ আশ্বৰ্য প্ৰকশ কৰে জৌংসাৰৰ পৰিয়ালৰ লোকে। তেওঁলোকে চৰকাৰৰ পৰা এই ক্ষেত্ৰত ন্যায় বিচাৰে। কিন্তু এনে সময়তে বিটিচি চীফ প্ৰমোদ বড়োৰ এক ভাষ্যই বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।বাক্সাৰ মুছলপুৰত আজি তেওঁ কয়, “ এজন বা দুজনে ওলাই আহি কিবা কথা ক’ব পাৰে। তেনে কথাত গুৰুত্ব দি লাভ নাই। টিভিত নিগেটিভ নিউজ প্ৰচাৰ কৰৰ কোনো দৰকাৰ নাই”।






    তেওঁ লগতে কয়, “আইন হাতত তুলি ল’লে আৰক্ষীয়ে ব্যৱস্থা ল’ব। আমি বি টি চি অশান্ত হোৱাতো নিবিচাৰো।বিগত ত্ৰিছ-চল্লিশ বছৰে অশান্তি গ’ল। কিন্তু এতিয়াৰ বি টি চিত আমি এজন মানুহেও জীৱন দিয়াটো নিবিচাৰো”।
    বি টি চিৰ একাংশ লোক সদায়ে অসন্তুষ্ট আৰু কোনেও সন্তুষ্ট কৰিব নোৱাৰে সেইসকলক বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে তেওঁ। একপ্ৰকাৰ সকীয়নি প্ৰদান কৰি তেওঁ কয়,অস্ত্ৰ হাতত লৈ কোনোবাই কিবা কৰিব পাৰিব বুলি যদি ভাবিছে তেন্তে সেয়া ভুল ধাৰণা। অস্ত্ৰ ধৰিলে নিজক হে ধ্বংস কৰিব তেওঁলোকে।





    প্ৰমোদ বড়োৰ এই মন্তব্যই স্বাভাৱিকতে আহি থকা দিনত বি টি চিত মূৰ দাঙি উঠিব পৰা যিকোনো বিচ্ছিন্নতাকামী শক্তিৰ বিৰুদ্ধে তেওঁৰ স্থিতি অতিকে কঠোৰ হোৱাৰ ইংগিতেই বহন কৰিছে।