National
কোকৰাঝাৰ : ৰাজ্যজুৰি লাভ জেহাদ, প্ৰলোভন, অপহৰণকলৈ কেইবাটাও শিহৰণকাৰী ঘটনা সংঘটিত হোৱাৰ সময়তে কোকৰাঝাৰত দৈব্যক্ৰমে অপহৰণকাণ্ডৰ পৰা ৰক্ষা পৰে এগৰাকী যুৱতী । ভাৰত -ভূটান সীমান্তৰ সৰলপাৰা পৰা এগৰাকী নাৱালিকা যুৱতীক ভোটগাঁওৰ মহম্মদ ফাৰুকৰ নেৰ্তৃত্বত ছয়জনীয়া অপহৰণকাৰীৰ দল এটাই অপহৰণৰ চেষ্টা চলাওতে স্থানীয় ৰাইজৰ সজাগতাৰ বাবে দৈব্যক্ৰমে ৰক্ষা পৰে যুৱতীগৰাকী ।
মহম্মদ ফাৰুকে প্ৰথমে সামাজিক মাধ্যম তথা ফেচবুকত যুৱতীগৰাকীৰ সতে বন্ধুত্ব গঢ়ি তোলে । নাচ -গানত পাৰ্গত যুৱতীগৰাকীক ইউটিউবত বিশ্ববিখ্যাত কৰি তোলাৰ ফুচুলনি দি যুৱকৰ দলটোৱে কালি যুৱতীগৰাকীক এখন বলেৰোত উঠাই ভাৰত -ভূটান সীমান্তৰ পৰা কোকৰাঝাৰ চহৰ দিশে ধাৱমান হয়।
স্থানীয় ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰি কৌশলেৰে তেওঁলোকক আটক কৰে আৰু আৰক্ষীৰ হাতত গতাই দিয়ে। পৰিয়ালৰ অজ্ঞাতে নাৱালিকা যুৱতীগৰাকীক এনেদৰে অজ্ঞাত স্থানলৈ নি শ্বুটিঙৰ ভূৱা প্ৰলোভন দেখুওৱা লম্পট যুৱকৰ দলটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি কোকৰাঝাৰ আদালত হাজিৰ কৰাই।
ৰহস্যজনকভাৱে উক্ত দলটোৰ সতে এগৰাকী গৃহৰক্ষী জোৱানো জড়িত হৈ আছিল। কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰে ঘটনাৰেসতে জড়িত ছয়জনক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰি কৰি ঘটনাটোৰ তদন্ত অব্যাহত আছে বুলি মন্তব্য কৰিছে ।
Leave A Comment