• ইউৰোৰ ৬ তৰুণ তাৰকাৰ অন্তৰ্ভুক্তিৰে স্পেইনৰ অলিম্পিক দল

    আঞ্চলিক
    ইউৰোৰ ৬ তৰুণ তাৰকাৰ অন্তৰ্ভুক্তিৰে স্পেইনৰ অলিম্পিক দল

    ট’কিঅ’: কোপা আমেৰিকা আৰু ইউৰো-২০২০ৰ শেষত ২২জুলাইৰপৰা আৰম্ভ হ’বলৈ গৈ আছে বহুপ্ৰতীক্ষিত ট’কিঅ’ অলিম্পিক। ব্ৰাজিল, আৰ্জেণ্টিনা, ফ্ৰান্স, জাৰ্মানী, স্পেইনৰ দৰে বিশ্বকাপ বিজয়ী আন্তৰ্জাতিক ফুটবল দলে অংশগ্ৰহণ কৰিব ট’কিঅ’ অলিম্পিকত। পুৰুষৰ ফুটবল দলত মুঠ ১৬টা দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। অলিম্পিকত ২৩অনূৰ্ধ্বৰ খেলুৱৈক সৰহকৈ পৰিলক্ষিত হ’ব যদিও ক্ৰীড়াপ্ৰেমীৰ মাজত উছাহৰ সীমা নাই। বিশেষকৈ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী দেশৰ নাগৰিকসকলৰ। বিশ্বৰ সৰ্ব-সমাদৃত ক্ৰীড়াসমৰত কোনে মাৰিব শেষ হাঁহি? তাকে লৈ এতিয়াৰেপৰাই উত্ক ণ্ঠাৰ ৰোল উঠা দেখিবলৈ পোৱা গৈছে।






    ইতিমধ্যে লেটিন আমেৰিকাৰ পৰাক্ৰমী দল ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰ স্কোৱাড ঘোষণা কৰা হৈছে। পিছ পৰি ৰোৱা নাই স্পেইন। স্পেইনৰ প্ৰশিক্ষক লুইছ ডে লা ফুয়েন্তেও অন্তিম একাদশৰ স্কোৱাড ঘোষণা কৰিছে। উল্লেখ্য যে, ইউৰো-২০২০ত অংশ লোৱা স্পেইনৰ ৬গৰাকী তৰুণ খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰা হৈছে। পেড্ৰী, এৰিক গাৰ্ছিায়া, ডানী অ’লম’, উনাই ছিমন, মিকেল এয়াৰছাবাল আৰু পাও তোৰেছৰ দৰে তৰুণ খেলুৱৈৰ ভৰিৰ যাদু চাবলৈ অধীৰ অপেক্ষাৰত স্পেইন। অলিম্পিক খিতাপ জয়ৰ মানসেৰে ফুয়েন্তে শক্তিশালী স্কোৱাড গঠন কৰিছে।