• ইউৰো ২০২০ত ‘গ’ল্ডেন বুট’জয় ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ

    আঞ্চলিক
    ইউৰো ২০২০ত ‘গ’ল্ডেন বুট’জয় ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ

    ৱেম্বলীঃ সদ্যসমাপ্ত ইউৰো উৱেফা ২০২০ত শেষ হাঁহি মাৰিলে বিশ্ব চেম্পিয়ন ইটালীয়ে। সোমবাৰে পুৱা অনুষ্ঠিত শ্বাসৰুদ্ধকৰ খেলখনৰ নিষ্পত্তি হয় ট্ৰাইবেকাৰত। ৩-২ গ’লত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি পাঁচটা দশকৰ অন্তৰালত ৱেম্বলীত ইতিহাস ৰছিলে ইটালীয়ে। ইটালীয়ে খিতাপ জয়ৰ পাছতে ক্ৰীড়া অনুৰাগীৰ বাবে আহিছে এক সু-খবৰ। এই সুখবৰ আনিছে পৰ্তুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডই। প্ৰথমবাৰৰ বাবে ইউৰোপিয়ান চেম্পিয়নশ্বিপত ‘গ’ল্ডেন বুট’ জয় কৰিবলৈ সক্ষম হৈছে ৰ’নাল্ডোই। উল্লেখ্য যে, গ্ৰুপ পৰ্বৰ আটাইকেইখন খেলতে গ’ল দিবলৈ সক্ষম হৈছিল ৰ’নাল্ডো। হাংগেৰী আৰু ফ্ৰান্সৰ বিৰুদ্ধে ২টাকৈ গ’ল কৰিছিল মহাতাৰকাগৰাকীয়ে।





    আনহাতে, অন্তিম ‘১৬’ত বেলজিয়ামৰ বিৰুদ্ধে ০-১ গ’লৰ ব্যৱধানক পৰাভূত হয় পৰ্তুগাল। চলিত ইউৰো কাপত ৰ’নাল্ডো নেতৃত্বাধীন পৰ্তুগালে গ্ৰুপ পৰ্যায়ৰ খেলতে বাহিৰ হ’বলগীয়া হয়। ইংলেণ্ডৰ অধিনায়ক হাৰিকেনে ইউৰোত মুঠ ৪টা গ’ল কৰিছে। ৰ’নাল্ডোৰ অতিক্ৰম কৰি ‘গ’ল্ডেন বুট’ লাভ কৰাৰ পূৰ্ণ সুযোগ আছিল হাৰিকেনৰ। কিন্তু ইটালীৰ বিৰুদ্ধে ফাইনেল খেলখনত হাৰিকেনে নিৰ্ণায়ক গ’লটো দিবলৈ সক্ষম নহ’ল। অৱশেষত ক্ৰিষ্টিয়ানো ৰ’নাল্ডোক এই বঁটা প্ৰদান কৰা হয়। আনহাতে ইউৰোৰ ইতিহাসত সৰ্বোচ্চ গ’ল দাতাৰ ৰূপে বিবেচিত হৈছে মহাতাৰকা ৰ’নাল্ডো। ৰ’নাল্ডোই ইউৰো টুৰ্নামেণ্টত মুঠ ১৪টা গ’ল দিবলৈ সক্ষম হৈছে আৰু আন্তঃৰ্জাতিক খেলত কৰিছে ১০৯টা গ’ল। ইৰানৰ প্ৰতিভাশালী ষ্ট্ৰাইকাৰ আদি ডেইয়েৰ ৰেকৰ্ড ইতিমধ্যে স্পৰ্শ কৰিছে ৰ’নাল্ডোই।