• ইউৰো ২০২০ : ইংলেণ্ডৰ হাতত ধৰাশায়ী জাৰ্মানী

    আঞ্চলিক
    ইউৰো ২০২০ : ইংলেণ্ডৰ হাতত ধৰাশায়ী জাৰ্মানী

    ৱেম্বলীঃ চলিত ইউৰো ২০২০ত ফ্ৰান্স, পৰ্তুগালৰ পাছত এইবাৰ অভিযান সামৰিছে বিশ্ব চেম্পিয়নশ্বিপ জাৰ্মানীয়ে। মঙলবাৰে জাৰ্মানীৰ বিৰুদ্ধে ৱেম্বলী ষ্টেডিয়ামত অনুষ্ঠিত খেলত জয়লাভ কৰিছে ইংলেণ্ডে। খেল আৰম্ভণিৰেপৰাই দুয়োটা দলে সুন্দৰ প্ৰদৰ্শন দেখুৱাইছিল। প্ৰথমাৰ্দ্ধৰ খেল ০-০ গ’লেৰে সামৰণি পৰে। দ্বিতীয়াৰ্দ্ধৰ খেলত ইংলেণ্ডে চমকপ্ৰদ প্ৰদৰ্শন তুলি ধৰিবলৈ সক্ষম হয়। ইফাল জাৰ্মানীয়েও প্ৰাণপণ যুঁজ অব্যাহত ৰাখে।





    কিন্তু জাৰ্মানীৰ ডিফেণ্ডাৰৰ বেহু ভেদি খেলৰ ৭৫ মিনিটত ১-০ গ’লৰ অগ্ৰগতি লয়। ইংলেণ্ডৰ হৈ ৰহিম ষ্টাৰলিঙে প্ৰথমটো গ’ল দিয়াৰ পাছত জাৰ্মানীয়ে সমতা স্থাপনৰ বাবে সংগ্ৰাম অব্যাহত ৰাখে। খেলৰ ৮৬মিনিটত হেডাৰেৰে হাৰিকেনে পুনৰ এটা গ’ল দিয়ে। ২-০ৰ অগ্ৰগতি লোৱাৰ পাছত ইউৰো জয়ৰ আশা নিৰ্বাপিত হয় জাৰ্মানীৰ। বিশ্ব চেম্পিয়নশ্বিপ দলটোৱে অভিযান সামৰাৰ লগে লগে ক্ৰীড়াপ্ৰেমীৰ মাজত শোকৰ ছাঁ পৰা দেখা গৈছে। ইফালে আনন্দত আত্মহাৰা ইংলেণ্ডেৰ সমৰ্থকসকল। ৱেম্বলী ষ্টেডিয়ামত ইতিহাস ৰচি শ্বাসৰুদ্ধকৰ খেলখনত ইংলেণ্ড উন্নীত হ’ল কোৱাৰ্টাৰ ফাইনেললৈ।