• ইউৰো ২০২০ : স্বপ্নাৱিষ্ট অষ্ট্ৰিয়া, কোৱাৰ্টাৰত ইটালী

    আঞ্চলিক
    ইউৰো ২০২০ : স্বপ্নাৱিষ্ট অষ্ট্ৰিয়া, কোৱাৰ্টাৰত ইটালী

    ৱেম্বলিঃ উৱেফা ইউৰো ২০২০ৰ প্ৰি –কোৱাৰ্টাৰ ফাইনেলত ইটালীয়ে ২-১গ’লৰ ব্যৱধানত জয়লাভ কৰে। খেল আৰম্ভণিৰ পৰাই অষ্ট্ৰিয়াই বিশ্ব চেম্পিয়ন ইটালীৰ বিৰুদ্ধে দুৰ্দান্ত যুঁজ দিয়ে। খেলৰ প্ৰথমাৰ্ধত ইটালীয়ে দুটাকৈ কৰ্ণাৰ লাভ কৰে যদিও গ’ল লাভ কৰিবলৈ ব্যৰ্থ হয়। খেলৰ প্ৰাকমুহূৰ্তত ইটালীয়ে অনায়াসে জয়লাভ কৰিব বুলি ধাৰণা কৰা হৈছিল।পাছে অষ্ট্ৰিয়াৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে প্ৰতিপক্ষক প্ৰতিহত কৰাতো যথেষ্ট কঠিন হৈ পৰিছিল ইটালীৰ বাবে। খেলৰ দ্বিতীয়াৰ্ধত অষ্ট্ৰিয়াই ন-উদ্যমেৰে ইটালীৰ বিৰুদ্ধে যুঁজ দিয়ে। ইটালীৰ দুৰ্গত কঁপনি তুলি এটা গ’ল দিয়ে যদিও ‘অফ ছাইড’ বুলি ঘোষণা কৰে খেল ৰেফাৰীয়ে। শূন্য গ’লৰে নিৰ্ধাৰিত সময়ত দুয়োটা দলে খেল সামৰে। অতিৰিক্ত ৩০মিনিটৰ খেলৰ বাবে ৰেফাৰীয়ে অনুমোদন দিয়ে।





    আৰু পঢ়িব পাৰিব : কোপা আমেৰিকাঃ বলিভিয়া বাহিৰ, উৰুগুৱে কোৱাৰ্টাৰত






    অতিৰিক্ত সময়ৰ খেল আৰম্ভণিৰ ৫ মিনিটতে ইটালীৰ হৈ ফ্ৰেডৰিক’ চিয়াছাই প্ৰথমটো গ’ল দিয়ে। অষ্ট্ৰিয়াই সমতা স্থাপনৰ চেষ্টা অব্যাহত ৰাখে। কিন্তু ১০৫ মিনিটত পুনৰ মাট্টীঅ’ পেছিনাই গ’ল দিয়ে। ২-০ গ’লেৰে ইটালীয়ে অগ্ৰগতি লাভ কৰাৰ পাছত অষ্ট্ৰিয়াৰ প্ৰত্যাৱৰ্তন অসম্ভৱপ্ৰায় হৈ পৰে। খেলৰ অন্তিম মুহূৰ্তলৈকে অষ্ট্ৰিয়াই সংগ্ৰাম অব্যাহত ৰাখে।১১৪মিনিটত ছাছা কালাজ্জিকে হেডাৰেৰ গ’ল দিয়াৰ পাছত অষ্ট্ৰিয়াৰ প্ৰত্যৱৰ্তনৰ আশা সজীৱ হৈ উঠে।কিন্তু ইটালীৰ ডিফেণ্ডাৰৰ কৌশলী ৰণৰ বাবে জয়ৰ স্বপ্ন নিৰ্বাপিত হয় অষ্ট্ৰিয়াৰ। উল্লেখ্য যে, উৱেফা ইউৰোত অষ্ট্ৰিয়াই পোন প্ৰথমবাৰৰ বাবে অন্তিম ১৬টা দলত স্থান পাইছিল। ইফালে বিজয়ী ইটালীয়ে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে।