ৰাষ্ট্ৰীয়
আমষ্টাৰডামঃ উৱেফা ইউৰো ২০২০ৰ প্ৰি–কোৱাৰ্টাৰ ফাইনেলত ৱেলছৰ বিৰুদ্ধে ০-৪ গ’লৰ ব্যৱধানত জয়লাভ কৰে ডেনমাৰ্কে। দুয়োটা দলে আৰম্ভণিৰেপৰা সুন্দৰ ফুটবল খেলে। খেলৰ ২৭ মিনিটত কেছপাৰ ডলবাৰ্গে ডেনমাৰ্কৰ হৈ প্ৰথমটো গ’ল দিয়ে। ৪৮ মিনিটত ডলবাৰ্গে পুনৰ এটা গ’ল দিয়ে। প্ৰথমাৰ্ধৰ খেলত ২-০গ’লেৰে ডেনমাৰ্কে অগ্ৰগতি লয়। খেলৰ দ্বিতীয়াৰ্ধত ক্ৰীড়াপ্ৰেমীয়ে ৱেলছৰ প্ৰত্যাৱৰ্তনৰ আশা কৰিছিল। ৱেলছেও চেষ্টাৰ ক্ৰুটি নৰখাকৈ খেল অব্যাহত ৰাখে।
আৰু পঢ়িব পাৰিব : ইউৰো ২০২০ : স্বপ্নাৱিষ্ট অষ্ট্ৰিয়া, কোৱাৰ্টাৰত ইটালী
কিন্তু অপ্ৰতিৰোধ্য ডেনমাৰ্কক প্ৰতিহত কৰাটো যথেষ্ট কঠিন হৈ পৰিছিল। ৱেলছৰ বেহু ভেদি জোকিম মহেলীয়ে ৮৮মিনিটত পুনৰ গ’ল দিয়ে। ৩-০ গ’লৰ অগ্ৰগতি লাভ কৰিও ক্ষান্ত হোৱা নাছিল ডেনমাৰ্ক। নিৰ্ধাৰিত ৯০ মিনিটৰ খেলৰ অন্তত অতিৰিক্ত ৫ মিনিট সংযোগ কৰা হৈছিল। ডেনমাৰ্কৰ মাৰ্টিন ব্ৰেইথৱেইটে ৱেলছৰ লক্ষ্মণ ৰেখা অতিক্ৰমি ৱেলছৰ পৰা বল কাঢ়িট নি সুন্দৰ গ’ল স্কৰ কৰিবলৈ সক্ষম হয়। বিমূঢ় ৱেলছৰ ধূসৰিত হৈ ৰ’ল ইউৰোপ চেম্পিয়নশ্বিপ জয়ৰ স্বপ্ন। ইফালে, ডেনমাৰ্কে ৪-০ গ’লৰ ব্যৱধানৰ জয়ৰে কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হয়।
Leave A Comment