• ইউৰো ২০২০: অপ্ৰতিৰোধ্য ইটালী, ইউৰোত থমকিল বেলজিয়াম

    আঞ্চলিক
    ইউৰো ২০২০: অপ্ৰতিৰোধ্য ইটালী, ইউৰোত থমকিল বেলজিয়াম

    মিউনিখ: ইউৰো উৱেফাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাভূত ৰমেল’ লুকাকুৰ ব্ৰিগেড। শনিবাৰে মিউনিখ ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত বিজয়ী হয় ইটালী। ২-১ গ’লৰ ব্যৱধানত জয়ী হয় ইটালী। খেলৰ ৩১ মিনিটত নিক’ল’ বেৰেলাই নিৰ্ণায়ক গ’লটো দিয়ে। ১-০ৰ অগ্ৰগতিৰে ইটালীয়ে আকৰ্ষণীয় প্ৰদৰ্শন তুলি ধৰে। প্ৰত্যাৱৰ্তনৰ বাবে বেলজিয়ামে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয়। কিন্তু বেলজিয়ামৰ ডিফেণ্ডাৰৰ বেহু ভেদি খেলৰ ৪৪মিনিটত লৰেঞ্জ’ ইনছাইনীৰ গ’লেৰে ২-০ গ’লৰ অগ্ৰগতি লয়।

    ইটালীৰ খেলুৱৈৰ আক্ৰমণাত্মক শ্বটৰ বাবে ৰেফাৰীয়ে পেনাল্টিৰ শিঙা বজায়। লুকাকুই সুযোগৰ সৎ ব্যৱহাৰেৰে খেলৰ প্ৰথমাৰ্দ্ধত বেলজিয়ামে গ’লৰ ব্যৱধান ২-১ লৈ হ্ৰাস কৰে। খেলৰ দ্বিতীয়াৰ্দ্ধত বেলজিয়ামে কেইবাটাও সোণালী সুযোগ হেৰুৱায়। নিৰ্দিষ্ট সময়ত বেলজিয়ামে সমতা স্থাপনত ব্যৰ্থ হয়। ইয়াৰ লগে লগে কোৱাৰ্টাৰৰ পৰাই বিদায় ল’লে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দল বেলজিয়াম। আনহাতে, অপ্ৰতিৰোধ্য ইটালীয়ে জয়ৰ ধাৰা অব্যাহত ৰাখি ছেমি ফাইনেললৈ উন্নীত হৈছে। ছেমিফাইনেলত দলটোৱে ৱেম্বলী ষ্টেডিয়ামত স্পেইনৰ বিৰুদ্ধে খেলিব।