• ইউৰো ২০২০: আজি ৱেলছৰ সন্মুখত ডেনমাৰ্ক

    আঞ্চলিক
    ইউৰো ২০২০: আজি  ৱেলছৰ সন্মুখত  ডেনমাৰ্ক

    আমষ্টাৰডামঃ ইউৰো উৱেফাৰ অন্তিম ‘১৬’ৰ খেল আজিৰ পৰা আৰম্ভ হ’ব। অন্তিম ‘১৬’-ৰ প্ৰথম খেলখনত ৱেলছে ডেনমাৰ্কৰ বিপক্ষে অৱতীৰ্ণ হ’ব। ভাৰতীয় সময় অনুসৰি আজি নিশা ৯-৩০বজাত আমষ্টাৰডাম এৰিনা ষ্টে্ডয়ামত অনুষ্ঠিত হ’ব খেলখন। এতিয়ালৈকে দুই প্ৰতিপক্ষই ১০খন খেলত মুখামুখি হৈছে। ইয়াৰে ৪ খনত ৱেলছে আৰু ৬ খনত ডেনমাৰ্কে জয়লাভ কৰিছে। ২০১৮ চনৰ নৱেম্বৰৰ পাছত প্ৰায় আঢ়ৈ বছৰ পাছত দুয়োটা দলে সমুখ সমৰত ইউৰো জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিব।





    আৰু পঢ়িব পাৰিব : কোপা আমেৰিকাঃ বলিভিয়া বাহিৰ, উৰুগুৱে কোৱাৰ্টাৰত





    উল্লেখ্য যে, ৰাষ্ট্ৰীয় লীগ খেলত দুয়োটা দলে বহুবাৰ অৱতীৰ্ণ হৈছে কিন্তু আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰথম বাৰলৈ মুখামুখি হ’ব দুয়োটা দল।ইফালে , ইউৰোপিয়য়ান চেম্পিয়নশ্বিপৰ ইতিহাসত লীগ খেলৰ পাছত নক আউটলৈ পোন প্ৰথমবাৰৰ বাবে উন্নীত হৈছে। দুয়োটা দলৰ জয়ৰ অনুপাত সমান। যদিও পইণ্টৰ সামান্য ব্যৱধান দেখা দিছে। প্ৰিয় খেলুৱৈসকলৰ দুভৰিৰ যাদু চাবলৈ আজিৰ খেলখনক লৈ অনুৰাগীমহলৰ মাজত উছাহৰ ঢল বোৱা দেখিবলৈ পোৱা গৈছে। আনহাতে নিশা ১২-৩০ বজাৰ খেলখনত অপ্ৰতিৰোধ্য ইটালীৰ মুখামুখী হ’ব অষ্ট্ৰিয়া।