স্বাস্থ্য
পাৰকেনঃ আকৰ্ষণীয় খেল উপহাৰেৰে চলিত ইউৰো উৱেফাৰ অভিযান সামৰিলে ক্ৰ’ৱেছিয়াই। সোমবাৰে অনুষ্ঠিত খেলত স্পেইনে ৫-৩ গ’লৰ ব্যৱধানত পৰাভূত কৰে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দল ক্ৰ’ৱেছিয়াক। খেলৰ প্ৰথমাৰ্দ্ধত ক্ৰ’ৱেছিয়াই প্ৰথমটো গ’লৰে অগ্ৰগতি লয়। স্পেইনে দুৰ্দান্ত প্ৰদৰ্শনেৰে মাত্ৰ ১০মিনিটৰ অন্তৰালত ১-১ গ’লৰ সমতা স্থাপন কৰে। স্পেইনৰ হৈ পাবলো চাৰাবিয়াই প্ৰথমটো গ’ল দিয়ে।দ্বিতীয়াৰ্দ্ধৰ খেল অতি ৰোমাঞ্চকৰ হৈ পৰে। দুয়োটা দলে পৰৱৰ্তী গ’লৰ সন্ধান অব্যাহত ৰাখে। বিশ্বকাপ বিজয়ী স্পেইনে আক্ৰমণাত্মক খেল খেলি ৫৭ মিনিটত চিজাৰ আজপিলিকুৱেটাই স্পেইনক ২-১ৰ অগ্ৰগতি দিয়ে। ক্ৰ’ৱেছিয়াৰ সকলো প্ৰচেষ্টাক বিফল কৰি খেলৰ ৭৭ মিনিটত ফেৰেন টৰেছে পুনৰ ১টা গ’ল দিয়ে।
আৰু পঢ়িব পাৰিব : ইউৰো ২০২০ : স্বপ্নাৱিষ্ট অষ্ট্ৰিয়া, কোৱাৰ্টাৰত ইটালী
৩-১ৰ অগ্ৰগতি লোৱা বিশ্বচেম্পিয়নৰ বিৰুদ্ধে ক্ৰ’ৱেছিয়াৰ প্ৰত্যাৱৰ্তন অসম্ভৱপ্ৰায় বুলি ধাৰণা কৰা হৈছিল। কিন্তু ক্ৰ’ৱেছিয়াৰ চমকপ্ৰদ প্ৰদৰ্শনে স্পেইনৰ দুৰ্গত উপৰ্যুপৰি আঘাত কৰে। খেলৰ ৮৫মিনিটত মিছলাভ অ’ৰছিকে আৰু মেৰিঅ’ পেছালিকে ৯২মিনিটত দুটাকৈ গ’লেৰে হেৰুৱা ছন্দ উভতাই পায়। নিৰ্ধাৰিত সময়ৰ অন্তৰালত ৩-৩ গ’লৰ সমতা স্থাপন কৰে। ৰেফাৰীয়ে অতিৰিক্ত ৩০মিনিটৰ খেলৰ বাবে শিঙা বজায়। খেল আৰম্ভণিতে ক্ৰ’ৱেছিয়াই দুৱাৰকৈ গ’লৰ সুযোগ পায় যদিও গ’ল কৰিবলৈ সক্ষম নহ’ল। সুযোগসন্ধানী স্পেইনে কৌশলীৰণত অৱতীৰ্ণ হয়। আলভাৰো ম’ৰাটাই ১০০মিনিটত গ’ল দিয়ে ইয়াৰে ঠিক ৩ মিনিট পাছতে মাইকেল অ’য়াৰজাবালে ক্ৰ’ৱেছিয়াৰ বেহু ভেদি পুনৰ এটা গ’ল দিয়ে। ৫-৩ গ’লৰ অগ্ৰগতি লোৱাৰ পাছত ক্ৰ’ৱেছিয়াৰ বাবে জয়ৰ পথ দুৰ্গম হৈ পৰে। ইয়াৰ লগে লগে আহত ক্ৰ’ৱেছিয়াৰ জয়ৰ আশা নিৰ্বাপিত হয়।
Leave A Comment