Regional
Meanwhile, the police recovered the dumper truck (AS01NC4919) from the spot. However, the driver fled after the accident.
হাম্পডেনঃ ইউৰোপিয়ান চেম্পিয়নশ্বিপৰ অন্তিম ‘১৬’ৰ খেলত থমকিল ছুইডেন। ২-১ গ’লৰ ব্যৱধানেৰে কোৱাৰ্টাৰ খেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে ইউক্ৰেইনে। খেল আৰম্ভণিৰেপৰাই ইউক্ৰেইনে প্ৰতিপক্ষক প্ৰতিহত কৰিবলৈ চেষ্টা অব্যাহত ৰাখে। কেইবাটাও সুযোগ পোৱাৰ পাছতো ছুইডেনৰ শক্তিশালী ডিফেণ্ডাকৰ আৰু গ’ল ৰক্ষকৰ বাবে সফলতাত ব্যৰ্থ হয়। কিন্তু খেলৰ ২৭মিনিটত প্ৰতিপক্ষৰ খেলুৱৈৰ পৰা বল কাঢ়ি অ’লেকছাণ্ডাৰ জিংচেঙ্কোৰ গ’লেৰে খেলৰ প্ৰথমাৰ্দ্ধতে ১-০গ’ৰ অগ্ৰগতি লয় ইউক্ৰেইনে। খেলৰ ৰোমাঞ্চ বাঢ়ি আহে।
ইমিল ফৰ্ছবাৰ্গে খেলৰ ৪৩ মিনিটত দিয়া গ’লেৰে ১-১ গ’লৰ সমতা স্থাপন কৰে ছুইডেনে। খেলৰ দ্বিতীয়াৰ্দ্ধত দুয়োটা দলে গ’লৰ সন্ধান অব্যাহত ৰাখে যদিও নিৰ্ধাৰিত ৯০মিনিটলৈ ড্ৰ খেলে। খেলৰ নীতি অনুসৰি ৰেফাৰীয়ে পৰৱৰ্তী ৩০ মিনিটৰ বাবে শিঙা বজায়। উল্লেখ্য যে, অতিৰিক্ত সময়ৰ খেলত প্ৰাণঘাতী ফাউল খেলা বাবে ছুইডেনৰ খেলুৱৈ ডেনিলছনক ৰেফাৰীয়ে ৰেড কাৰ্ড প্ৰদৰ্শন কৰিবলগীয়া হয়। ডেনিলছনে খেলপথাৰ ত্যাগ কৰাৰ পাছত হতাশাই আৱৰি ধৰিছিল। ১০ জনীয়া খেলুৱৈৰে নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিলেও খেলৰ প্ৰায় অন্তিম মুহূৰ্তত ডভবাইকে সকলোকে আচৰিত কৰি ছুৰইডেনৰ হৈ নিৰ্ণায়ক গ’লটো দিয়ে। ২-০ গ’লেৰে বিজয়ী ইউক্ৰেইনে চলিত ইউৰোৰ কোৱাৰ্টাৰত খেলাৰ যোগ্যতা অৰ্জন কৰিছে।
Leave A Comment