• ইউৰো ২০২০: ছেমি ফাইনেললৈ স্পেইনৰ বিজয়ৰথ, ছুইজাৰলেণ্ডৰ বিদায়

    আঞ্চলিক
    ইউৰো ২০২০: ছেমি ফাইনেললৈ স্পেইনৰ বিজয়ৰথ,  ছুইজাৰলেণ্ডৰ বিদায়

    ক্ৰেষ্টৱস্কী: ইউৰো উৱেফা চেম্পিয়নশ্বিপৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ হাতত পৰাভূত হয় ছুইজাৰলেণ্ড। শুকুৰবাৰে ছুইজাৰলেণ্ড আৰু স্পেইনৰ মাজত অনুষ্ঠিত খেলখনত নিৰ্ণায়ক স্পট কিকত জয়লাভ কৰে স্পেইনে। খেলৰ ৮মিনিটতে ছুইজাৰলেণ্ডৰ মিডিফিল্ডাৰ ডেনিছ জাকাৰিয়াৰ আত্মঘাতী গ’লেৰে ০-১ গ’লৰ অগ্ৰগতি লয় স্পেইনে। শ্বাসৰুদ্ধকৰ খেলখনত প্ৰত্যাৱৰ্তনৰ বাবে ছুইজাৰলেণ্ডে সংগ্ৰাম কৰি যায়।





    প্ৰথমাৰ্দ্ধৰ খেলত ০-১ৰ অগ্ৰগতি লৈ আত্মবিশ্বাসী স্পেইনে প্ৰতিপক্ষৰ প্ৰতিটো চেষ্টা প্ৰতিহত কৰি দ্বিতীয় গ’লৰ সন্ধান কৰে। খেলৰ ৬৮ মিনিটত ছুইজাৰলেণ্ডৰ অধিনায়ক শ্বাকিৰীয়ে স্পেনিছ মিডিফল্ডাৰক চকিত কৰি নিৰ্ণায়ক গ’লটো দিয়ে। ১-১গ’লৰ সমতা স্থাপন কৰাৰ কিছুসময় পাছতে খেলপথাৰৰ পৰা বিদায় লয় অধিনায়ক শ্বাকিৰীয়ে। বিজয়ী গ’লৰ সন্ধানত দুয়োটা দলে আক্ৰমণাত্মক খেল খেলে। খেলৰ ৭৭ মিনিটত ৰেম ফ্ৰিউলাৰে স্পেনিছ মিডফিল্ডাৰ জেৰাৰ্ড মৰেনৰ ওপৰত কৰা প্ৰাণঘাতী ফাউলৰ বাবে ৰেফাৰীয়ে ৰঙা কাৰ্ড প্ৰদৰ্শন কৰে। ইউৰো ২০২০ত ৰঙা কাৰ্ড লাভ কৰা ৫ নম্বৰ খেলুৱৈ ৰেম ফ্ৰিউলাৰ। নিৰ্ধাৰিত সময়লৈকে ফলাফল ১-১। অতিৰিক্ত ৩০ মিনিটৰ খেলৰ বাবে অনুমোদন জনায় খেল ৰেফাৰীয়ে। স্পেইনে ছুইজাৰলেণ্ডৰ দুৰ্গত কঁপনি তোলে কিন্তু গোলৰক্ষক য়ান ছোমাৰে স্পেইনৰ প্ৰতিটো ঘাটক শ্বট প্ৰতিহত কৰে। অতিৰিক্ত ৩০ মিনিটতো বিজয়ী গ’ল আঁজুৰিবলৈ ব্যৰ্থ হয় দুয়োটা দল। অৱশেষত খেলৰ নিষ্পত্তি হয় ট্ৰাইবেগাৰত। য’ত ৩-১ গ’লত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি স্পেইন ছেমি ফাইনেললৈ উন্নীত হয়। ছেমী ফাইনেলত দলটোৱে ইটালীৰ বিৰুদ্ধে খেলিব।