• উচ্ছেদত বাধা নিদিওঁ বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কিদৰে সূত্ৰপাত হৈছিল ধলপুৰ কাণ্ডৰ, ৰাজনৈতিক ক্ৰিয়া-

    আঞ্চলিক
    উচ্ছেদত বাধা নিদিওঁ বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কিদৰে সূত্ৰপাত হৈছিল ধলপুৰ কাণ্ডৰ, ৰাজনৈতিক ক্ৰিয়া-

    ডিজিটেল ডেস্ক : কালি ছিপাঝাৰৰ ধলপুৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। অভিযান আৰম্ভ কৰাৰ পূৰ্বে দৰং জিলা প্ৰশাসন আৰু বেদখলকাৰীৰ মাজত ধলপুৰ চৰত অনুষ্ঠিত হয় এখন আলোচনা। এই আলোচনাত বেদখলকৰীৰ প্ৰতিনিধিয়ে উচ্ছেদ কাৰ্যত বাধা প্ৰদান কৰা নহয় বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতে আৰম্ভ হয় উচ্ছেদ অভিযান। কিন্তু উচ্ছেদ কাৰ্য আৰম্ভ কৰিবলৈ লওঁতেই সহস্ৰাধিক বেদখলকাৰীয়ে অভিযানকাৰী দলক বাধা প্ৰদান কৰে। চৰকাৰবিৰোধী শ্লোগান দি বেদখলকাৰীয়ে আৰক্ষীক আগচি ধৰে।প্ৰশাসন আৰু আৰক্ষীৰ বুজনি নামানি বেদখলকাৰীসকলে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰা আৰম্ভ কৰে।





    বেদখলকাৰীয়ে বাহৰ দম, শুকান খেৰৰ ঘৰত অগ্নিসংযোগ কৰি আৰক্ষীক বাধা প্ৰদানৰ চেষ্টা কৰে। ফলত আত্মৰক্ষাৰ স্বাৰ্থত আৰক্ষীয়েও গুলীচালনা কৰিবলগীয়া হয়। ছাদ্দাম হুছেইন আৰু শ্বেখ ফৰিদ নামৰ দুজন লোক আৰক্ষীৰ গুলীচালনাত নিহত হয়। আনহাতে বেদখলকাৰীৰ আক্ৰমণত আহত হয় আৰক্ষীৰ ৯ জনকৈ লোক। আহতসকলৰ ১১জনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোঁৱা হৈছে। জি এম চি এইছত চিকিৎসাধীন সকলৰ ভিতৰত আছে ডি এছ পি অমৃত ৰায়চোধুৰী, অপূৰ্ব ৰাহাং, মুনিৰ আহমেদকে ধৰি মুঠ ৯ জন আৰক্ষীৰ লোক। এইসকলৰ ভিতৰত মুনিৰ আহমেদৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।










    সি যি কি নহওক, এই ঘটনাৰ পাছতে উত্তপ্ত হৈ আছে সমগ্ৰ দৰং জিলাৰ পৰিৱেশ। আজি আমছুকে ধৰি বহুকেইটা সংগঠনে দৰং জিলা বন্ধ আহ্বান জনাইছে। বন্ধৰ সময়তো দুই চাৰি স্থানৰ পৰা বিক্ষিপ্ত ঘটনা ঘটাৰ খবৰ আহিছে। উচ্ছেদিত লোকসকলৰ অভিযোগ, তেওঁলোক ভাৰতীয় নাগৰিক আৰু সেয়ে তেওঁলোকৰ বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰকৈ এইদৰে উচ্ছেদ অভিযান চলোৱাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।









    ইফালে, সাংসদ দিলীপ শইকীয়াৰ ভাষ্যইও প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গৰুখুঁটিত ধাৰ্মিক আগ্ৰাসনৰ অভিযোগ তুলি তেওঁ কয় যে, এই বেদখলকাৰীসকলৰ একাংশক সোণোৱাল চৰকাৰৰ দিনতে উচ্ছেদ কৰা হৈছিল যদিও তেওঁলোক পুনৰ উভতি আহিছিল। ইফালে সমগ্ৰ বিষয় সন্দৰ্ভত এ আই ইউ ডি এফ প্ৰধান আজমল ভ্ৰাতৃদ্বয়ৰ মৌনতাইও বিশেষ চৰ্চা লাভ কৰিছে। বহুতে এই ৰহস্যজনক নীৰৱতাত বিজেপি-এ আই ইউ ডি এফৰ আভ্যন্তৰীণ বুজাবুজিৰো সংযোগ সূত্ৰ বিচাৰি পাইছে।কংগ্ৰেছ দলে ধলপুৰৰ উচ্ছেদ অভিযানক ধিক্কাৰ দিছে।ৰাইজৰ দলৰ ফালৰ পৰাও উচ্ছেদক সম্পূৰ্ণৰূপে বে-আইনী আখ্যা দিয়া হৈছে। যি নহওক, এই উচ্ছেদ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াই সময়ত কি ৰূপ লয় সেয়াহে লক্ষ্যণীয় হ’ব।