• উদ্বিগ্ন স্বাস্থ্য বিভাগ : সান্ধ্য আইনত খোজকঢ়া, চাইকেল চলোৱাৰ অজুহাতত ওলালেও পাৱ শাস্তি

    আঞ্চলিক
    উদ্বিগ্ন স্বাস্থ্য বিভাগ : সান্ধ্য আইনত খোজকঢ়া, চাইকেল চলোৱাৰ অজুহাতত ওলালেও পাৱ শাস্তি

    গুৱাহাটী : কৰ'নাৰ সংক্ৰমণক লৈ উদ্বেগ ৰাজ্যৰ স্বাস্থ্য বিভাগ৷ ৰাজ্যৰ বিভিন্ন জিলাত সম্পূৰ্ণ লকডাউন জাৰী কৰিলেও মহানগৰীত হোৱা সংক্ৰমণৰ বাবে চিন্তিত স্বাস্থ্য বিভাগ৷ যাৰ বাবে গ্ৰহণ কৰিব পাৰে বিশেষ পদক্ষেপ৷ কঠোৰ হ'ব সান্ধ্য আইনৰ নিয়ম৷ সান্ধ্য আইনৰ সময়ত বাহিৰলৈ ওলালে হ’ব শাস্তি৷ খোজকঢ়া, চাইকেল চলোৱাৰ অজুহাতত ওলালেও পাব শাস্তি৷

    এই মন্তব্য অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ৷ গুৱাহাটীত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ উদ্বিগ্ন স্বাস্থ্য বিভাগৰ নিশা অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক৷ গুৱাহাটীবাসীক ক’ভিড বিধি মানিবলৈ আহ্বান৷ এই আহ্বান স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ৷ আজিৰ পৰা আৰক্ষী প্ৰশাসনে চলাব অভিযান৷ সান্ধ্য আইনৰ সময়ত বাহিৰলৈ ওলালে হ’ব শাস্তি৷