• উদ্বেগজনক : অসমত সংক্ৰমিতৰ ৭৭ শতাংশই ডেল্টা ভেৰিয়েণ্ট

    আঞ্চলিক
    উদ্বেগজনক : অসমত সংক্ৰমিতৰ ৭৭ শতাংশই ডেল্টা ভেৰিয়েণ্ট

    গুৱাহাটী : অসমত মাৰাত্মক ডেল্টা প্লাছ ভেৰিয়েণ্ট৷ ইতিমধ্যে ৰাজ্যত ডেল্টা প্লাছত আক্ৰান্ত হৈ এজনৰ মৃত্যু ঘটিছে৷ অসমত সংক্ৰমিতৰ ৭৭ শতাংশই ডেল্টা ভেৰিয়েণ্ট বুলি তথ্যত প্ৰকাশ কৰিছে৷ এই উদ্বেগজনক তথ্য ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷





    দ্ৰুতভাৱে সংক্ৰমিত হয় ডেল্টা ভেৰিয়েণ্ট৷ ইতিমধ্যেই কলকাতাত পৰীক্ষা কৰিছে মুঠ ৩০০টা নমুনা৷ ৭৭ শতাংশত পোৱা গৈছে ডেল্টা ভেৰিয়েণ্ট৷ বাকী ২৩ শতাংশ আক্ৰান্ত কাপ্পা ভেৰিয়েণ্টত বুলি পোহৰলৈ আহিছে৷