• উদ্ভাসিত ট’কিঅ’: আজিৰ পৰা আৰম্ভ গ্ৰীষ্মকালীন পেৰাঅলিম্পিক

    আঞ্চলিক
    উদ্ভাসিত ট’কিঅ’: আজিৰ পৰা আৰম্ভ গ্ৰীষ্মকালীন পেৰাঅলিম্পিক

    নতুন দিল্লীঃ আজিৰ পৰা আৰম্ভ বহুপ্ৰত্যাশিত গ্ৰীষ্মকালীন পেৰাঅলিম্পিক। ট’কিঅ’ অলিম্পিক ২০২০ৰ মোখনি পৰাৰ কেইদিনমান পাছতে পুনৰ ন-ৰূপত উজ্বলি উঠিছে ট’কিঅ’ চহৰ। পেৰাঅলিম্পিকত অংশগ্ৰহণৰ বাবে দেশ-বিদেশৰ একাংশ ক্ৰীড়াবিদে বাহৰ পাতিছে ট’কিঅ’ত। ইতিমধ্যে পেৰাঅলিম্পিকলৈ ৰাওনা হৈছে ভাৰতীয় এথলীটৰ ৫৪জনীয়া এটা বৃহত দল।





    সদ্যসমাপ্ত ট’কিঅ’ অলিম্পিকৰ সফল অভিযান সামৰাৰ পাছত ২৪ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া ট’কিঅ' পেৰাঅলিম্পিকত ভাৰতীয় দলটোৱে প্ৰতিনিধিত্ব কৰিব। উল্লেখ্য যে, আজিৰ পৰা আৰম্ভ হ’বলগীয়া পেৰাঅলিম্পিক খেলখন ১৯৬৪ চনৰ পাছত ট’কিঅ'ৰ দ্বাৰা আয়োজিত দ্বিতীয়খন গ্ৰীষ্মকালীন পেৰাঅলিম্পিক আৰু ১৯৯৮ চনৰ শীতকালীন পেৰাঅলিম্পিকৰ পাছত সামগ্ৰিকভাৱে জাপানত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হ’ব পেৰাঅলিম্পিক।





    এইবাৰ ট’কিঅ’ পেৰাঅলিম্পিকৰ ৫৩৯টা ইভেন্টত মুঠ ২২বিধ খেলত ক্ৰীড়াবিদসকলে অংশগ্ৰহণ কৰিব। ভাৰতৰ হৈ মুঠ ৫৪গৰাকী খেলুৱৈয়ে ৯টা ক্ৰীড়াত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। আৰ্চাৰী, এথলেটিকছ, বেডমিণ্টন, কেনোয়িং, শ্বুটিং, সাঁতোৰ, পাৱাৰ লিফটিং, টেবুল টেনিছ আৰু টাইকোৱাণ্ডোত দেখিবলৈ পোৱা যাৱ ক্ৰীড়াবিদসকলক। ভাৰতীয় এথলীটৰ উন্নত প্ৰদৰ্শনৰ প্ৰত্যাশাৰ মাজতে পেৰাঅলিম্পিক পদকজয়ী প্ৰথমগৰাকী ভাৰতীয় মহিলা দীপক মালিকেও ভাৰতীয় পেৰাঅলিম্পিক দলটোক লৈ প্ৰবল আশাবাদী বুলি সদৰী কৰিছে।
    ট’কিঅ' পেৰালিম্পিকৰ উদ্বোধনী অনুষ্ঠান ২৪ আগষ্টত ভাৰতীয় সময় অনুসৰি আবেলি ৪:৩০ বজাত আৰম্ভ হ'ব।