Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
তামুলপুৰ/গোলাঘাট: বনৰীয়া হাতীৰ তাণ্ডৱে ৰাজ্যৰ বিভিন্ন স্থানত সৃষ্টি কৰিছে ধ্বংসলীলাৰ৷ ভাৰত-ভূটান সীমান্তৰ তামুলপুৰৰ পাটকিজুলী বজাৰত মঙলবাৰে নিশা প্ৰায় ২.৩০ বজাত এটা বনৰীয়া হাতীয়ে শংকৰ নাৰ্জাৰী(৪৫) নামৰ এজন লোকৰ দোকান ভাঙি লণ্ড-ভণ্ড কৰে।
জানিব পৰা মতে বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে দোকান ভাঙি লণ্ড-ভণ্ড কৰে। ইতিমধ্যে কুমাৰীকাটা বন বিভাগৰ লোক ঘটনাস্থলীত হৈ ঘটনাৰ বুজ লয়।
ইপিনে মাত্ৰ এটা সপ্তাহৰ বিৰতিৰ পাছত নুমলীগড় পুনৰ জনাঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ চলে৷ নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰে জনবহুল এলেকা তথা নুমলীগড় শোধনাগাৰ আৰু আৰক্ষী চকীৰ গাতে লাগি থকা বিষ্ণুপুৰ , সেউজীপাৰ গাঁৱত ওৰেনিশা উপদ্ৰৱ চলাই বন্যহস্তীৰ এটা জাকে৷ চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ বিধ্বস্ত কৰাৰ উপৰি কেইবাটাও পৰিয়ালৰ চৌহদৰ পকীবেৰা ভাঙি বাৰীত সোমাই পৰে৷ হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি বন বিভাগক ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে৷
Leave A Comment