• উপযুক্ত চিকিৎসাৰ অভাৱত বক্সাৰ শ্যাম প্ৰসাদ শৰ্মাৰ অকাল বিয়োগ

    আঞ্চলিক
    উপযুক্ত চিকিৎসাৰ অভাৱত বক্সাৰ শ্যাম প্ৰসাদ শৰ্মাৰ অকাল বিয়োগ

    গুৱাহাটী : শনিবাৰে নিশা উপযুক্ত চিকিৎসাৰ অভাৱত প্ৰতিভাৱান বক্সাৰ শ্যাম প্ৰসাদ শৰ্মাৰ অকাল বিয়োগ ঘটে ৷ গুৱাহাটীৰ এখন চিকিত্সালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতেই মৃত্যু হয় শ্যামপ্ৰসাদ শৰ্মাৰ৷ প্ৰতিভাৱান বক্সাৰৰ অকাল মৃত্যুক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ তেওঁ উপযুক্ত সময়ত চিকিত্সা নোপোৱাৰ বাবে মৃত্যু হৈছে বুলি অভিযোগ আনিছে একাংশই৷





    আৰু পঢ়িব পাৰিব : কাৰাগাৰৰ পৰা অসমবাসীলৈ মুকলি চিঠি প্ৰেৰণ অখিলৰ…





    উল্লেখ্য যে, সৰুসজাইত Assam Boxing Association ৰ উদ্যোগত অনুষ্ঠিত হোৱা খেলত অংশগ্রহণ কৰিছিল তিনিচুকীয়াৰ শ্যামে৷ প্ৰথম দিনা খেলৰ সময়তেই আঘাতপ্ৰাপ্ত হৈছিল শ্যাম৷ অভিযোগ অনুসৰি, সৰুসজাইত নাছিল কোনো উপযুক্ত চিকিৎসাৰ ব্যৱস্থা, নাছিল এম্বুলেঞ্চৰ সুবিধাও৷ যাৰ বাবে বহু পলমকৈ চিকিৎসালয়ৈ নিয়া হৈছিল শ্যামক৷ প্ৰথমে তেওঁক Critical Care হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাত শ্যামক এপ'ল হাস্পতালত ভৰ্তি কৰোৱা হয়৷ আৰু শনিবাৰে নিশা চিকিৎসাধীন হৈ থকা অৱস্থাতেই মৃত্য হয় বক্সাৰজনৰ৷





    আৰু পঢ়িব পাৰিব : মহাৰাষ্ট্ৰৰ কেমিকেল ফেক্টৰীত বিস্ফোৰণ, নিহত চাৰিজন





    বক্সিং কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই শ্যামৰ মৃত্যুৰ অভিযোগ উত্থাপন হৈছে৷ আনহাতে মৃত শ্যামৰ মৰণোত্তৰ পৰীক্ষা নকৰিবলৈও পৰিয়ালৰ লোকক হেচা দিয়াৰ গুৰুত্বৰ উভিযোগ উত্থাপন হয় খেল কৰ্তৃপক্ষৰ বিৰুদ্ধে৷ পৰিয়াল আৰু সতীৰ্থ খেলুৱৈৰ অভিযোগক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷