• উপ-নিৰ্বাচনত জয়ী হ’ব বুলি আত্মবিশ্বাসী ৰূপজ্যোতি

    আঞ্চলিক
    উপ-নিৰ্বাচনত জয়ী হ’ব বুলি আত্মবিশ্বাসী ৰূপজ্যোতি

    যোৰহাট : মঙলবাৰে ঘোষণা হ'ল উপ-নিৰ্বাচনৰ দিন৷ ৰাজ্যৰ মুঠ ৫টা সমষ্টিত ৩০ অক্টোবৰত হ'ব উপ-নিৰ্বাচন৷ এই সমষ্টিকেইটাৰ ভিতৰত বিশেষ গুৰুত্ব লাভ কৰা মৰিয়নী সমষ্টিত বিজেপিৰ পৰা ৰূপজ্যোতি কুৰ্মীয়ে প্ৰতিদন্দ্বিতা কৰাতো প্ৰায় নিশ্চিত হৈ পৰিছে৷ কংগ্ৰেছ দলৰ হৈ যোৱা বিধানসভা নিৰ্বাচনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল যদিও বিজেপি দলত যোগদান কৰাৰ পূৰ্বে বিধায়ক পদ ত্যাগ কৰিছিল৷





    'মই মৰিয়নী সমষ্টিৰ পৰা পুনৰ বিধায়ক হম৷ মোৰ বিশ্বাস আছে ৰাইজৰ সেৱা কৰিব পাৰিম আৰু মই আজি বহুত আনন্দ অনুভৱ কৰিছো যে মাৰ আধৰুৱা কাম কৰিবলৈ মই পুনৰ সুযোগ লাভ কৰিম' - এই কথা বিজেপিৰ সম্ভাব্য প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দৃঢ়তাৰে কয় সাংবাদিকৰ আগত৷ "৬০ হাজাৰ ভোট লাভ কৰি মই জয়ী হ'ম আৰু মাতৃৰ আধৰুৱা কাম কৰিবলৈ সুযোগ লাভ কৰিম বুলিও লগতে কয় ৰূপজ্যোতি কুৰ্মীয়ে৷





    আনহাতে প্ৰাক্তন বিধায়ক গৰাকীয়ে কংগ্ৰেছ, ৰাইজৰ দল আৰু জাতীয় পৰিষদক তীব্ৰ সমালোচনা কৰি তিনিওটা দলৰ ভিতৰত মাত্ৰ ২০ হাজাৰ ভোট লাভ কৰিব বুলি কয়। "ৰাইজৰ দলে কি বুলি প্ৰচাৰ কৰিছে। তেওঁলোকৰটো ৰাজ্য বা কেন্দ্ৰত চৰকাৰ নাই। ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে ৰাইজক আজি পৰ্যন্ত এটা বেজী সূতা দি পালেনে?" বুলি কটাক্ষ কৰে ৰূপজ্যোতি কুৰ্মীয়ে।