Spiritual
গৌৰীপুৰঃ অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত প্ৰবন্ধকৰ কাৰ্যালয়ৰ গৌৰীপুৰ উপ-সংমণ্ডলত আজি উপস্থিত হয় শক্তি মন্ত্ৰী বিমল বৰা। সাংবাদিকে জনোৱা অনুসৰি গৌৰীপুৰ উপ-সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীসকলৰ লগত মত-বিনিময় কৰাৰ উদ্দেশ্যে আহি উপস্থিত হয় মন্ত্ৰীজন।
মন্ত্ৰীজনে ধুবুৰী জিলাখনৰ লগতে গৌৰীপুৰ উপ-সংমণ্ডলৰ বিভিন্ন কাম-কাজৰ বুজ লোৱাৰ উপৰি বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলৰ লগত মত-বিনিময় কৰে। সাংবাদিকৰ সন্মুখত মন্ত্ৰীজনে কয় যে, ‘ধুবুৰী জিলাত যাতে বিজুলী সেৱা ভালকৈ জনসাধাৰণে লাভ কৰে, তাৰ বাবে ধুবুৰী জিলাত আহি উপস্থিত হৈছো।’ গৌৰীপুৰত ৫০ মেগাৱাট বিদ্যুৎ ব্যৱস্থা অব্যাহত আছে যদিও ১০০ মেগাৱাট যোগান ধৰাৰ বাবে কাম চলি আছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীজনে।
লোডশ্বেডিং দূৰ কৰাৰ প্ৰয়াস শক্তি বিভাগৰ। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিতৰ অভিজিত শৰ্মা বৰুৱা (এজিএম), বিজয় বড়ো(ডিজিএম), সুৰজিৎ পাল (এজিএম), বিজেপি ধুবুৰী জিলা কমিটীৰ সভাপতি দেবময় সান্যাল, এ আই ইউ ডি এফ দলৰ গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমানকে ধৰি গৌৰীপুৰ উপ-সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীসকল।
Leave A Comment