Regional
ডিজিটেল ডেস্ক : এগৰাকী সুচিকিৎসক। অতিকে জনপ্ৰিয়, মানৱদৰদী চিকিৎসকগৰাকীক ভাল পাইছিল মাজুলীৰ প্ৰতিজন লোকে। যোৰহাটৰ সন্তান সেইগৰাকী চিকিৎসকৰ নাম বিক্ৰমজিৎ বৰুৱা। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত বিক্ৰমজিৎ বৰুৱাই বছৰচেৰেক পূৰ্বে যোগ দিছিল মাজুলী চিকিৎসালয়ত। ৮ ছেপ্টেম্বৰৰ দিনা কিবা সকামত তেওঁ আহিছিল যোৰহাটলৈ। আৰু অভিশপ্ত নাওখনৰ এগৰাকী দুৰ্ভগীয়া যাত্ৰী হৈ তেওঁ উভতিছিল কমলাবাৰী ঘাটলৈ।
কিন্তু অদৃষ্টৰ লিখন খণ্ডাব পাৰে কোনে? শোকাৱহ নাও দুৰ্ঘটনাটোত হেৰাই গ’ল বিক্ৰমজিৎ বৰুৱা।আৰু ইয়াৰ পিছত অপেক্ষাৰ দুটিকৈ দিন। আজি দুটা দিন পাৰ হ’ল, সন্ধান নোলাল চিকিৎসকগৰাকীৰ। আজি কান্দি কান্দি তেওঁৰ পৰিয়ালৰ লোকে বুঢ়া লুইতক কাকুতি কৰি কৈছে, ‘দৈনিক বৰলুইত পাৰ হোৱা বিক্ৰমজিতৰ যদিহে কিবা দোষ হৈছিল তেন্তে সেয়া মাফ কৰি দিবা!’
এই ক্ষণত শোকত আকুল তেওঁৰ পৰিয়ালবৰ্গ,শোকাহত তেওঁক ভালপোৱা যোৰহাট-মাজুলীৰ অস্ংখ্য মানুহ। তেওঁৰ পৰিয়ালত আছে তেওঁৰ চিকিৎসক পত্নী আৰু দুগৰাকীকৈ সন্তান। তেওঁৰ ভ্ৰাতৃও এগৰাকী সুচিকিৎসক। এই বাতৰি লিখাৰ পৰত তেওঁৰ গৃহত আহি উপস্থিত হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সি যি কি নহওক, সকলোৱে কামনা কৰিছে,সুস্থ শৰীৰেৰে উভতি আহক মানৱ দৰদী চিকিৎসকগৰাকী। মানুহক ভাল পোৱা চিকিৎসকগৰাকীৰ ওপৰত আশীৰ্বাদ বৰ্ষণ কৰক ঈশ্বৰে!
Leave A Comment