• উল্টাপানীৰ সংঘৰ্ষক লৈ ইউ এল বিৰ প্ৰতিক্ৰিয়া; 'নিহত দুজন আমাৰ সদস্য নহয়'

    আঞ্চলিক
    উল্টাপানীৰ সংঘৰ্ষক লৈ ইউ এল বিৰ প্ৰতিক্ৰিয়া; 'নিহত দুজন আমাৰ সদস্য নহয়'

    ডিজিটেল ডেস্কঃ শনিবাৰে পুৱতি নিশা কোকৰাঝাৰৰ উল্টাপানীত আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হৈছিল জৌংছাৰ মুছাহাৰী আৰু জনক ব্ৰহ্ম।আৰক্ষীয়ে দুয়োকে ইউ এল বি ৰ সদস্য বুলি দাবী কৰাৰ বিপৰীতে জৌংছাৰ মুছাহাৰীৰ পৰিয়ালৰ লোকে এয়া এক ভুৱা সংঘৰ্ষৰ ঘটনা বুলি দাবী কৰিছিল।তেওঁলোকৰ দাবী জৌংছাৰ এন ডি এফ বিৰ প্ৰাক্তন সদস্য যদিও কোনো সশস্ত্ৰ উগ্ৰপন্থী সংগঠনৰ সৈতে তেওঁৰ এতিয়া সম্পৰ্ক নাই।আজি পৰিয়ালৰ লোকে জৌংছাৰৰ মৃতদেহ লৈ সমদলো বাহিৰ কৰে।

    এই লৈ অঞ্চলজুৰি চাঞ্চল্য অব্যাহত থকাৰ পৰতে শেহতীয়াকৈ আহি পৰিছে ইউ এল বিৰ তৰফৰ পৰা এক বিবৃতি। এই বিবৃতিযোগে সংগঠনটোৱে দাবী কৰে যে নিহত যুৱক দুগৰাকী তেওঁলোকৰ সদস্য নহয়। সামাজিক মাধ্যমৰ যোগেদি গোপন স্থানৰ পৰা ইউ এল বিৰ কেডাৰ সকলে সদৰী কৰা মতে এই ঘটনাৰ বাবে বি টি আৰ চৰকাৰ দোষী। এজন নিৰ্দোষী যুৱকক হত্যা কৰিলে বিশ জনক হত্যা কৰা হ'ব বুলি পূৰ্বতে দিয়া হুংকাৰ সোঁ‌ৱৰাই আকৌ এবাৰ সকীয়নি প্ৰদান কৰে সংগঠনটোৱে। যি নহওক, সংগঠনটোৰ এই বিবৃতিৰ পিছতেই ইউ এল বি কেন্দ্ৰিক বিভ্ৰান্তি অধিক গাঢ় হোৱাৰ সম্ভাৱনা প্ৰবল।