• উৎসৱ মানেই যেন সুৰাৰ বন্যা! সুৰাসক্তই ক’ত কলংক সানিলে পূজাৰ পবিত্ৰতাত

    আঞ্চলিক
    উৎসৱ মানেই যেন সুৰাৰ বন্যা! সুৰাসক্তই ক’ত কলংক সানিলে পূজাৰ পবিত্ৰতাত

    গুৱাহাটী : 'সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল'- পূজাই হওক বা আন কিবাই হওক ৰাজপথত সুৰামক্ত যুৱকৰ উদ্ভণ্ডালি নতুন কথা নহয়৷ সুৰাৰ ৰাগিত অশালীন ব্যৱহাৰৰ কৰি ৰাইজৰ ৰোষত পৰিছে বহুজন সুৰাসক্ত৷ তেনে এক ঘটনাই সংঘটিত হৈছে মহানগৰীৰ ধীৰেণপাৰাত৷ বিশ্বকৰ্মা পূজাৰ নিশা ধীৰেণপাৰাত নিশা নিচাসক্ত যুৱক-যুৱতীয়ে অসামাজিক কাৰ্য-কলাপ সংঘটিত কৰিছিল।





    Photo credit : PragNews




    ধীৰেণপাৰাৰ কালী মন্দিৰৰ কাষত ৰখাই থোৱা অট' ভানত নিচাসক্ত যুৱক-যুৱতী লিপ্ত হৈছিল অসামাজিক কাৰ্য-কলাপত। এই কাৰ্যত বাধা দিবলৈ যোৱা যুৱকক প্ৰহাৰ কৰে উদণ্ড দলটোৱে৷ আনকি কেমেৰাৰ সন্মুখটো নিচাসক্ত যুৱতীয়ে কৰে অভব্য আচৰণ।





    Photo credit : PragNews




    ইতিমধ্যে ঘটনাত জড়িত ২ যুৱকক আটক কৰিছে ফটাশিল আমবাৰী আৰক্ষীয়ে। আনহাতে ধীৰেণপাৰা অঞ্চলত নিশা হ'লে নিচাসক্ত যুৱকৰ আড্ডা হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। অঞ্চলটোত নিশা আৰক্ষীৰ তহল নথকাৰো অভিযোগ কৰিছে স্থানীয় ৰাইজৰ।