• উৰুকাৰ দিনাই ভাৰত-ভূটান সীমান্তত হিংসাত্মক ঘটনা

    আঞ্চলিক
    উৰুকাৰ দিনাই ভাৰত-ভূটান সীমান্তত হিংসাত্মক ঘটনা

    কোকৰাঝাৰ : আজি ভোগালী বিহুৰ উৰুকা দিনাই ভাৰত-ভূটান সীমান্ত শৰলপাৰাত সংঘটিত হয় হিংসাত্মক ঘটনা। হল্টুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত শৰলপাৰাত সহস্ৰাধিক ভূমি বেদখলদাৰীয়ে অবৈধভাৱে ভূমি বেদখল কৰিবলৈ অহা খবৰ লাভ কৰি বন বিভাগৰ কৰ্মীসকলে উপস্থিত হোৱাৰ লগে লগেই ভূমি বেদখলদাৰীসকলে বাটত আক্ৰমণ কৰে।





    আৰু পঢ়িব পাৰিব : ভোগালী মানেই অভিশপ্ত : উগ্ৰপন্থীয়ে প্ৰাণ ল’লে তিনিটা পৰিয়ালৰ





    চোকা অস্ত্ৰ অৰ্থাৎ দাহ, খুকুৰীলৈ আক্ৰমণ কৰাত বন বিভাগৰ এখন টাটা মেজিক বাহন সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হয় আৰু ছয়জন বন বিভাগৰ কৰ্মী আক্ৰমণৰ বলি হয়। হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীবৰ্ষণ কৰিবলগীয়া হয় বন বিভাগৰ কৰ্মীয়ে। চেপা উত্তেজনা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বৰ্তমান সেনা, চি আৰ পি এফ মোতায়েন কৰা হৈছে।





    আৰু পঢ়িব পাৰিব : বন্ধুৰ সহযোগত ধৰ্ষণকাৰীৰ ৰূপত প্ৰেমিক! ভিডিঅ’ ভাইৰেল





    উল্লেখ্য যে ভাৰত-ভূটান সীমান্ত অঞ্চল শৰলপাৰাত বনাঞ্চল ধ্বংস কৰি অবৈধভাৱে ভূমি বেদখল কৰাসকলক উচ্ছেদ কৰি আহিছিল যদিও সফল হোৱা নাই। যাৰবাবে বনাঞ্চল এতিয়া জনাঞ্চলত পৰিণত হৈছে। চৰকাৰ তথা সংশ্লিষ্ট বিভাগে উচ্ছেদ কৰা কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে সীমান্ত অঞ্চল শৰলপাৰাৰ মনোমোহা দৃশ্য তথা প্ৰাকৃতিক সৌন্দৰ্য নোহোৱা হ’ব সেয়া নিশ্চিত হৈ পৰিছে।