• উৰুকাৰ দিনা ধৰ্ষণ-হত্যা ১৫ বছৰীয়া কিশোৰী-বৃদ্ধাৰ !

    আঞ্চলিক
    উৰুকাৰ দিনা ধৰ্ষণ-হত্যা ১৫ বছৰীয়া কিশোৰী-বৃদ্ধাৰ !

    ডিব্ৰুগড় : ভোগালী উৰুকাৰ দিনাই টিংখাঙত সংঘটিত হৈ যায় এক জঘন্য ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ ঘটনা। দানৱ ৰূপী মানৱৰ নৃশংসতাৰ বলি হয় এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী আৰু এগৰাকী৫৯ বছৰীয়া মহিলা। নৱম শ্ৰেণীৰ ছাত্ৰী ৰেশমা উৰাঙৰ মৃতদেহ উলংগ অৱস্থাত উদ্ধাৰ হৈছিল পথাৰৰ মাজত। বিপৰীতে বৰমাক বিৰোজা উৰাঙৰ মৃতদেহ ঘৰৰ ভিতৰতে শুই থকা অৱস্থাত কুঠাৰ মাৰি নৃশংস ভাৱে হত্যা কৰে দুৰ্বৃত্তই ।





    আৰু পঢ়িব পাৰিব : মুখ্যমন্ত্ৰীৰ সোণোৱালৰ সভাৰ বাবে বন্ধ বিদ্যালয় ! নষ্ট এটা শৈক্ষিক দিন…





    টিংখাঙৰ ১ নং নগাবাটত সংঘটিত হৈছিল এই জঘন্য ঘটনা। ঘটনা সংঘটিত হোৱাৰ ৭২ ঘণ্টা উকলি যোৱাৰ পিছতো গ্ৰেপ্তাৰ হোৱা নাই হত্যাকাৰী । এই জঘন্য হত্যাকাণ্ডৰ চিবিআইৰ তদন্ত কৰি হত্যাকাৰীক গ্ৰেপ্তাৰ আৰু ফাঁচীৰ দাবীৰে উত্তাল হৈ পৰিছে টিংখাঙৰ ৰাজপথ।





    সদৌ অসম আদিবাসী ছাত্র সন্থা টিংখাং আঞ্চলিক সমিতিৰ উদ্যোগত আৰু অসম চাহ জনজাতি ছাত্র সন্থা , সদৌ অসম ছাত্ৰ সন্থা, ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয় পৰিষদ, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আদিবাসী সুৰক্ষা সমিতি আদিৰ সহযোগত সহশ্ৰাধিক লোকে এই জঘন্য ঘটনাৰ ন্যায় বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।





    আৰু পঢ়িব পাৰিব : পাণ্ডিয়া ভাতৃদ্বয়ৰ পিতৃৰ বিয়োগ : বিভিন্নজনৰ শোকবাৰ্তা প্ৰেৰণ





    প্ৰতিবাদকাৰী সকলে ঘটনাস্থলীৰ পৰা প্ৰায়ে ৫ কিলোমিটাৰ পথ প্ৰতিবাদী সমদল বাহিৰ কৰি টিংখাং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে। প্ৰতিবাদকাৰী সকলৰ দাবী শীঘ্ৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়াৰ ব্যৱস্থা কৰক অন্যৰ্থা আন্দোলন অধিক তীব্ৰতৰ হ'ব৷