Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
শিৱসাগৰঃ মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত, মাইক্ৰ’ ফাইনেন্সসমূহ বন্ধৰ দাবীত বিগত কেইমাহমানৰ পৰা ৰাজ্য উত্তাল হৈ থকাৰ সময়তে শিৱসাগৰত ভুৱা ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানে বহু যুৱকৰ পৰা লুটিলে বৃহৎ পৰিমাণৰ ধন। শিৱসাগৰৰ দুই নং শ’লগুৰিৰ একাংশ যুৱক, মহিলাক ঋণ দিয়াৰ নামত ভুৱা মাইক্ৰ’ ফাইনেন্সে লাখ লাখ টকা সংগ্ৰহ কৰি আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
অভিযোগ অনুসৰি ‘এনাজৰী’- নামৰ মাইক্ৰ’ ফাইনেন্স প্ৰতিষ্ঠাটোৱে ঋণ প্ৰদানৰ নামত বহু যুৱক আৰু মহিলাৰ গোটৰ পৰা হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰিছিল। পাছত প্ৰতিষ্ঠানটোৱে সময়মতে ঋণ প্ৰদান নকৰাত পোহৰলৈ আহে সমগ্ৰ কাণ্ড। ইয়াৰ পৰিপ্ৰেক্ষিতত ‘এনাজৰী’ নামৰ মাইক্ৰ’ ফাইনেন্সৰ দুই কৰ্মচাৰী আটক কৰে শিৱসাগৰ আৰক্ষীয়ে। নিতুমণি গগৈ আৰু ৰুবুল লাহন নামৰ দুই কৰ্মচাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগীসকলে।
এনাজৰীত কৰ্মৰত এজেণ্টেৰ অভিযোগৰ ভিত্তিত ‘এনাজৰী’ৰ নিতুমণি গগৈ আৰু ৰুবুল লাহনক গ্ৰেপ্তাৰ কৰাৰ লগতে ৮৩৮/২১ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। মাইক্ৰ’ ফাইনেন্সৰ ঋণ দিয়াৰ নামত বহু লাখ টকা শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰবঞ্চনাৰে সংগ্ৰহ কৰাৰ এই অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰ জিলাত।
Leave A Comment