Regional
Meanwhile, the police recovered the dumper truck (AS01NC4919) from the spot. However, the driver fled after the accident.
ডিজিটেল ডেস্ক : পুনৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা অপৰাধীৰ। পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ জালৰ পৰা দুৰ্ধৰ্ষ অপৰাধীৰ পলায়নৰ চেষ্টা আৰু আৰক্ষীৰ এনকাউণ্টাৰৰ এই কাহিনী এতিয়া হৈ পৰিছে তেনেই সুলভ। এইবাৰ মহানগৰীতে সংঘটিত হৈছে এই ঘটনা। মহানগৰীৰ আজাৰা আৰক্ষীৰ জালত পৰা গভাইত চোৰ আকাশদীপ সিঙলৈ গুলী চলাবলগীয়া হ’ল আৰক্ষীয়ে। আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে গভাইত চোৰ আকাশদ্বীপ সিং আৰক্ষীৰ গুলীত গুলবিদ্ধ হয়।
আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাই অভিযান চলাই আটক কৰিছিল আকাশদ্বীপ সিঙক। আজাৰা অঞ্চলৰপৰা আজাৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ভৰলুত আটক কৰিছিল দুধৰ্ষ চোৰ আকাশদীপ সিঙক। মহানগৰীৰ বহু ঠাইত টকা, সোণৰ চেইন কাঢ়ি নিয়া আৰু গাড়ী, ঘৰ, দোকান আদিত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল আকাশদ্বীপে।
নিশা আজাৰা আৰক্ষীয়ে দুধৰ্ষ চোৰ আকাশদীপ সিঙক লৈ আন চোৰৰ বিৰুদ্ধে অভিযান চলাই থাকোঁতে ধাৰাপুৰ SOS পথৰ পৰা পলায়নৰ চেষ্টা কৰে। লগে লগে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয় আকাশদ্বীপক। আৰক্ষীৰ গুলীত আহত আকাশদ্বীপক GMCHত ভৰ্তি কৰোঁৱা হৈছে।
Leave A Comment