Sports
গুৱাহাটীঃ মুখ্যমন্ত্ৰীৰ সৈতে আজি ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ বৈঠক অনুষ্ঠিত হয়। আছু, এবছু আৰু অসম জাতীয়তাবাদী যুৱ-পৰিষদৰ সৈতে বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত থাকে শিক্ষামন্ত্ৰীৰ লগতে শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াসকল।
বৈঠকত দশম-দ্বাদশ শ্ৰেণীৰ মূল্যাংকন পদ্ধতিৰ ওপৰত পৰ্যালোচনা কৰা হয়। বৰ্তমানৰ শৈক্ষিক পৰিৱেশৰ ওপৰতো আলোচনা কৰা হয়। পৰীক্ষাৰ সন্দৰ্ভতো আলোচনা কৰা হয়। মেট্ৰিক আৰু এইচএছ পৰীক্ষাৰ মূল্যায়নৰ ফৰ্মূলাৰ ৫নং দফা বাতিল কৰা হৈছে।
এই পৰীক্ষাৰ প্ৰমাণ-পত্ৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰযোজ্য হ'ব বুলি ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। পৰীক্ষাৰ ফলাফলত এইবাৰ স্থানৰ ব্যৱস্থা নাই যদিও ষ্টাৰ আৰু ডিষ্টিংশ্যনৰ ব্যৱস্থা থাকিব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মন্তব্য আগবঢ়ায়।
Leave A Comment