• এখন ব্যতিক্ৰমী বিয়া : ৰক্তদানেৰে দৰাৰ মহৎ পদক্ষেপ

    আঞ্চলিক
    এখন ব্যতিক্ৰমী বিয়া : ৰক্তদানেৰে দৰাৰ মহৎ পদক্ষেপ

    যোৰহাট : শনিবাৰে যোৰহাটত সম্পন্ন হ'ল এখন ব্যতিক্ৰমী বিয়া। এই বিয়াখনত আয়োজন কৰা হৈছে এক ৰক্তদান শিবিৰ। উল্লেখ্য যে, পুলিবৰৰ পৰ্বতীয়া গাঁৱৰ এই ব্যতিক্ৰমী বিয়াখনত দৰাই ৰক্তদান কৰি এই শিবিৰ মুকলি কৰে ।





    আৰু পঢ়িব পাৰিব :ডাঃ ৰশ্মিৰেখা বৰদলৈৰ তৎপৰতাত বিপদৰ পৰা ৰক্ষা পৰিল প্ৰসূতি





    প্ৰকৃততে, "টীম হিউমেনিটী" নামৰ ৰক্তদান কৰা সংস্থাটোৰ কেন্দ্ৰীয় সম্পাদক দিব্যজ্যোতি কলিতাৰ আজি শুভ বিবাহ। দিব্যজ্যোতি কলিতাই বৰ্তমানলৈকে ৩৬ বাৰ ৰক্তদান কৰিছে আৰু সেয়েহে আজি এক নতুন ধাৰাৰ সৃষ্টি কৰিবৰ বাবে এনেদৰেই নিজৰ বিবাহৰ মাংগলিক অনুষ্ঠানতেই আয়োজন কৰিলে ৰক্তদান শিবিৰ ।





    আৰু পঢ়িব পাৰিব :কৃষক বিদ্ৰোহ : পথৰ ওপৰতে পকীঘৰ নিৰ্মাণ কৰিছে কৃষকে





    উল্লেখ যে , বিবাহ বাহৰত ৰক্তদান শিবিৰ আয়োজন কৰাৰ পাছতেই বিয়াখনক লৈ সৰৱ চৰ্চা হৈছে সমগ্ৰ যোৰহাটতে।