• এছিয়ান গেমছ-২০২২ৰ পদক পৰৱৰ্তী লক্ষ্য: ভাৰতীয় ৰোৱাৰ

    আঞ্চলিক
    এছিয়ান গেমছ-২০২২ৰ পদক পৰৱৰ্তী লক্ষ্য: ভাৰতীয় ৰোৱাৰ

    ট’কিঅ’ : বৃহস্পতিবাৰে টকিঅ' অলিম্পিকৰ ৰয়িং ইভেণ্টত পুৰুষৰ লাইটৱেট ডাবল স্কালৰ অন্তিম-‘বি’ ইভেণ্টত ১১সংখ্যক স্থানলাভ কৰিছে ৰোৱাৰ অৰ্জুন লাল জাট আৰু অৰবিন্দ সিঙে। দুয়োজনে ৰোৱাৰে চলিত সপ্তাহৰ আৰম্ভণিতে ছেমি ফাইনেলত প্ৰৱেশৰ পথ প্ৰসস্ত কৰিছিল। ৭-১২ সংখ্যক স্থানৰ বাবে চূড়ান্ত দৌৰত, ভাৰতীয় দলৰ অৰ্জুন (ব’ৱাৰ) আৰু অৰবিন্দ (ষ্ট্ৰ’কাৰ)-ৰ যুটিয়ে বৃহস্পতিবাৰে সাগৰীয় জলপথত অলিম্পিকৰ ইতিহাসত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিছে। ৬:২৯.৬৬ সময়ৰ ব্যৱধানত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় অৰ্জুন-অৰবিন্দ। পূৰ্বৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে পঞ্চম স্থানলাভেৰে ছেমিত প্ৰৱেশ কৰিছিল ভাৰতীয় ৰোৱাৰে।


    পূৰ্বে ভাৰতৰ হৈ ২০০৮ চনত বেইজিং অলিম্পিকত মনজিৎ সিং আৰু দেৱেন্দ্ৰ সিং খাণ্ডৱালে ১৮সংখ্যক স্থান আৰু ২০১৬ৰ ৰিঅ’ অলিম্পিকত দত্তু বাবন ভোকানালে ১৩ সংখ্যক স্থানলাভ কৰিছিল। ‘আমি অৰবিন্দ আৰু অৰ্জুনৰ প্ৰদৰ্শনত সুখী। আমি অলিম্পিকত সামগ্ৰিকভাৱে ১১সংখ্যক স্থানলাভেৰে উন্নত প্ৰদৰ্শন কৰিছিলোঁ আৰু ভৱিষ্যতে ভাৰতীয় ৰোৱাৰসকলৰ বাবে এয়া এক অনুপ্ৰেৰণা হিচাপে বিবেচিত হ’ব বুলি সদৰী কৰিছে ৰাষ্ট্ৰীয় প্ৰশিক্ষক ইছমাইল বেগে। উল্লেখ্য যে, ভাৰত, উৰুগুৱে আৰু ইউক্ৰেইনৰ বাহিৰে অইনবোৰ হৈছে ৰ’য়িং ৰাষ্ট্ৰ। তেনেস্থলত ভাৰতীয় ৰোৱাৰৰ এয়া এক অসাধাৰণ প্ৰদৰ্শন বুলিয়ে ক্ৰীড়াপ্ৰেমীয়ে শলাগিছে।