ৰাষ্ট্ৰীয়
জাগীৰোডঃ জাগীৰোডস্থিত এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰত একাংশ কু-ব্যৱসায়ীয়ে কেমিকেলযুক্ত শুকান মাছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উঠিছে৷ এক গোপন সূত্ৰৰ পম খেদি পশ্চিমবংগৰপৰা অহা WB-51B-9370 নম্বৰৰ এখন ট্ৰাকত অভিযান চলায় জাগীৰোড আৰক্ষীয়ে। অভিযান চলোৱা ট্ৰাকখনত কেমিকেলযুক্ত বিষাক্ত শুকান মাছ কঢ়িয়াই অনাৰ সন্দেহ কৰিছে একাংশ স্থানীয় লোকে৷
আৰু পঢ়িব পাৰিব : অসমত বিজেপিৰ ৰথী-মহাৰথীৰ ভিৰ, কোন কোন আহিব প্ৰচাৰলৈ…
কিন্তু ৰহস্যজনকভাৱে ‘খাদ্য সুৰক্ষা বিভাগ’ৰ দোহাই দি বিষয়টো গাপ দিয়াৰ চেষ্টা চলায় জাগীৰোড আৰক্ষীয়ে৷ ইফালে এই সন্দৰ্ভত মৰিগাওঁ জিলা খাদ্য সুৰক্ষা বিভাগৰ পৰিদৰ্শকেও ফোনযোগে গা-এৰা মন্তব্য প্ৰদান কৰে। মানৱ জীৱনৰ জনস্বাস্থ্যৰ ওপৰত হেতালি খেলি চলাই আহিছে বিষাক্ত কেমিকেলযুক্ত শুকান মাছৰ ৰমৰমীয়া বেহা৷
আৰু পঢ়িব পাৰিব : সেনাৰ নৃশংসতা : শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত প্ৰয়োগ যুদ্ধাস্ত্ৰ
ইয়াৰ পূৰ্বেও এনে কেমিকেলযুক্ত শুকান মাছৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছিল যদিও পৰৱৰ্তী সময়ত তাৰ প্ৰতিবেদনত কি ওলাল সেয়া ৰাজহুৱা কৰা নহ’ল বুলি স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰে। আৰক্ষী আৰু খাদ্য সুৰক্ষা বিভাগৰ এনে স্থিতিৰ বাবেই একাংশ ব্যৱসায়ীয়ে এই দুষ্কাৰ্য চলাই যাবলৈ সক্ষম হোৱা বুলি অভিযোগ উত্থাপিত হৈছে৷ এইক্ষেত্ৰত প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত বিভিন্ন দল-সংগঠনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে।
Leave A Comment