Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
ডিজিটেল ডেস্কঃ ৰাজ্যত নতুন চৰকাৰ গঠন হোৱাৰ পিছতেই অতিকে চৰ্চিত হৈছে এটি শব্দ- - ‘এনকাউণ্টাৰ’।বহুতৰে অভিযোগ, উত্তৰ প্ৰদেশৰ ষ্টাইল অনুকৰণ কৰি অসমতো আৰক্ষীৰাজ চলাব বিচৰা হৈছে। অপৰাধীয়ে পলায়ন কৰিবলৈ বিচৰা বুলি মিছা অভিযোগ জাপি দি আৰক্ষীয়ে ভুৱা সংঘৰ্ষৰ নাটক মঞ্চস্থ কৰিছে বুলি বহু মানৱ অধিকাৰ কৰ্মীয়েও অভিযোগ উত্থাপন কৰিছে।কিন্তু এনে সমালোচনাক ভ্ৰূক্ষেপ নকৰাকৈ অসম আৰক্ষীয়ে বাৰে বাৰে এনকাউণ্টাৰ সংঘটিত কৰিছে।
কুখ্যাত গো মাফিয়া, ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰম্ভ কৰি প্ৰেমিকাৰ ওপৰত আক্ৰমণ চলোৱা ঘাতক প্ৰেমিকলৈ কোনো সাৰি যাব পৰা নাই আৰক্ষীৰ বুলেটৰ পৰা।এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও আৰক্ষীক পূৰ্ণ সাহস আগবঢ়াই আহিছে। শেহতীয়াকৈ তেওঁ কৈছিল যে অপৰাধীক আৰক্ষীয়ে এতিয়াৰ পৰা অলপ ‘এক্সট্ৰা ড’জ’ দিবই! মুখ্যমন্ত্ৰী্য়ে কোৱা এক্সট্ৰা ড’জ কি সেয়া বুজিবলৈ বিশেষ জ্ঞান বুদ্ধিৰ প্ৰয়োজন নহয়।
আজি আকৌ মুখ্যমন্ত্ৰীয়ে কৈছে- - এনকাউণ্টাৰক লৈ সমস্যা ক’ত? অপৰাধীয়ে পলায়ন কৰিলে আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলগীয়া হ’বই। তেওঁ লগতে কয়, নাৰীৰ ওপৰত চলা অত্যাচাৰ সহ্য কৰা নহয়। ড্ৰাগছ সৰবৰাহকাৰী, গৰুৰ চোৰাং কাৰবাৰ আদিৰ ক্ষেত্ৰত অসম আৰক্ষী কঠোৰৰ পৰা কঠোৰ হ’ব।
মুখ্যমন্ত্ৰীয়ে সাংবাদিককো ওলোটাই প্ৰশ্ন কৰে, “আপোনালোকক সাংবাদিকসকলৰ কিবা সমস্যা হৈছে নেকি এনকাউণ্টাৰক লৈ”?
যি নহওঁক আজিৰ এই বক্তব্যৰ পিছত স্পষ্ট হৈছে যে এনকাউণ্টাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্থিতি অপৰিৱৰ্তিত হৈ ৰৈছে। অৱশ্যেই এনকাউণ্টাৰৰ এনে মুকলি পৃষ্ঠপোষকতাই ন্যায়পালিকাৰ গুৰুত্ব হ্ৰাস কৰি কাৰ্যপালিকাক অধিক ক্ষমতাশালী কৰি তুলিব বুলি ভিন্নজনে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পিছতেই শংকা ব্যক্ত কৰিছে।
Leave A Comment