• এনচিচিৰ উত্তৰ-পূব মণ্ডলৰ মুৰব্বী পদত অসম সন্তান

    আঞ্চলিক
    এনচিচিৰ উত্তৰ-পূব মণ্ডলৰ মুৰব্বী পদত অসম সন্তান

    গুৱাহাটীঃ ভাৰতীয় সেনাৰ সন্মানীয় তৃতীয় পদমৰ্যাদাৰ পদবী মেজৰ জেনেৰেলৰ দৰে গুৰুত্বপূৰ্ণ পদত নতুন দিল্লীৰ সেনাৰ মুখ্য কাৰ্যালয় ‘সেনা ভৱন’ত কাৰ্যনিৰ্বাহ কৰি থকা ভাস্কৰ কলিতাক প্ৰতিৰক্ষা মন্ত্ৰণালয়ে মন্ত্ৰণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এনচিচিৰ শ্বিলংস্থিত উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) হিচাপে নিযুক্তি প্ৰদান কৰিছে। আজি নৱনিযুক্ত এডিজি মেজৰ জেনেৰেল ভাস্কৰ কলিতাই মেঘালয়ৰ শ্বিলঙত থকা এনচিচিৰ উত্তৰ-পূব মণ্ডলৰ মুখ্য কাৰ্যালয়ত কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণৰ পাছতেই জেনেৰেল কলিতাক কাৰ্যালয়ৰ সেনা বিষয়া, প্ৰশিক্ষক বিষয়া, প্ৰশিক্ষক আৰু আন কৰ্মচাৰীসকলে উষ্ম আদৰণি জনায়।





    উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে আন এজন অসম সন্তান মেজৰ জেনেৰেল অনন্ত ভূঞাই এডিজি পদত কাৰ্যনির্বাহ কৰি বিগত ৩১জুলাইত অৱসৰ গ্ৰহণ কৰিছিল। জেনেৰেল ভূঞাৰ পাছত এই সন্মানীয় এডিজি পদত নিযুক্তি পোৱা ভাস্কৰ কলিতা হৈছে দ্বিতীয়জন অসমীয়া। উল্লেখযোগ্য যে, দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষীচকীৰ অন্তৰ্গত ৰামপুৰৰ বাসিন্দা ভাস্কৰ কলিতা ১৯৭৫ চনত গোৱালপাৰা সৈনিক স্কুলত অধ্যয়নৰ বাবে নামভৰ্তি কৰিছিল আৰু ১৯৮০ চনত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত ১৯৮১ চনত নেশ্যনেল ডিফেন্স একাডেমী(এনডিএ)ত অধ্যয়নৰ বাবে নিৰ্বাচিত হয়। এনডিএৰ পৰা ১৯৮৫ চনত উত্তীৰ্ণ হোৱাৰ পাছত ভাৰতীয় সেনাৰ কুমায়ুন ৰেজিমেণ্টত ছেকেণ্ড লেফটেনেণ্ট হিচাপে সেনাত কৰ্মজীৱনৰ পাতনি মেলে।





    তাৰ পাছত নিজৰ যোগ্যতা, দক্ষতা আৰু অভিজ্ঞতাৰে সেনাৰ উচ্চ পদবীলৈ পদোন্নতিসহ জম্বু কাশ্মীৰ, উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যত উগ্ৰপন্থী বিৰোধী অভিযানকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত দায়িত্ব সুখ্যাতিৰে পালন কৰে। তাৰপাছত ২০১৭ চনত ভাৰতীয় সেনাৰ তৃতীয় শীৰ্ষ পদবী মেজৰ জেনেৰেললৈ তেওঁ পদোন্নতি লাভ কৰে। তাৰ পাছত বিগত চাৰিটা বছৰত অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু সেনাৰ মুখ্য কাৰ্যালয় ‘সেনা ভৱন’ত কাৰ্য-নিৰ্বাহ কৰে। উল্লেখযোগ্য যে, দক্ষিণ কামৰূপৰ ৰামপুৰৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰয়াত হৰিকান্ত কলিতা আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মালতী কলিতাৰ দ্বিতীয় সন্তান ভাস্কৰ কলিতা কৰ্মসূত্ৰে প্ৰায় ৩৬ বছৰ দেশৰ বিভিন্ন প্ৰান্তত কাৰ্যনিৰ্বাহ কৰিলেও তেওঁৰ আপোন গাঁওখনৰ প্ৰতি আছে অগাধ মৰম! যাৰ বাবে মাটিৰ গোন্ধ থকা ভাস্কৰ কলিতাই সেনাৰ উচ্চ পদবীত কাৰ্যনিৰ্বাহ কৰিলেও জাতীয় উৎসৱসমূহ যেনে- ব’হাগ বিহু, মাঘ বিহু, আনকি পাৰিলে ভাদ মাহৰ এমহীয়া নামত অহাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তিথি আদিতো অংশগ্ৰহণ কৰে। বন্ধুসকলৰ সৈতে এতিয়াও খেতি-পথাৰত যোৱাৰ লগতে গাঁওখনৰ উঠি অহা প্ৰজন্মৰ বাবে কিবা এটা ইতিবাচক কাম কৰাৰ চিন্তা কৰে। আনহাতে, জেনেৰেল কলিতাৰ বৰপুত্ৰ ভাৰ্গব কলিতায়ো পিতৃৰ পথ অনুকৰণ কৰি বৰ্তমান ভাৰতীয় সেনাৰ কেপ্টেইন হিচাপে কাশ্মীৰৰ অতি দুৰ্গম অঞ্চলত নিয়োজিত হৈ দেশমাতৃৰ সেৱা আগবঢ়াই আছে।