International
Nepal's newly elected President Ramchandra Paudel was admitted to Tribhuwan University Teaching Hospital in Kathmandu's Maharajgunj after...
ডিজিটেল ডেস্ক : মাজুলীৰ শোকাৱহ নাও দুৰ্ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে। চৰকাৰীবিৰোধী ক্ষোভ আৰু ক্ৰোধত উতলি উঠিছে জনগণ। সমান্তৰালভাৱে এই দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিয়াসকলৰ বাবেও শোকৰ বন্যা বৈছে। প্ৰবক্তা পৰিমিতা দাসক অকাল বিদায়েও শোকাহত কৰিছে বিভিন্নজনক। তেওঁৰ নশ্বৰ দেহ ইতিমধ্যে বিলীন হৈছে পঞ্চভূতত। কিন্তু তেওঁ দি যোৱা শোক আৰু শূন্যতা সহজে আঁতৰ নহ’ব। কটনৰ মেধাৱী ছাত্ৰী পৰিমিতাৰ সান্নিধ্য আৰু সাহচৰ্যৰ কথা সুঁৱৰি শোকাহত হৈ পৰিছে তেওঁৰ সহপাঠী বান্ধৱী। শোক অনলত দগ্ধ এগৰাকী সহপাঠী ছন্দামিতা ঠাকুৰীয়াই লিখিছে…
‘নৱগ্ৰহত পৰিমিতাক শেষ বিদায় জনাই আহিলোঁ। কেতিয়াবা গল্পৰ দৰে, কাহিনীৰ দৰে হৈ পৰে জীৱন ! আমি প্ৰায়েই ৰিইউনিয়নৰ কথা পাতোঁ। সৃষ্টিয়ে কয়, কটনৰ দিনবোৰেই ভাল আছিল। আমাৰ সৰু পৰিয়াল সুখী পৰিয়াল আছিল। ২০১২-১৫ বেটছৰ অসমীয়া বিভাগৰ যিকেইটা আছিলোঁ সকলোবোৰেই অন্তৰংগ বন্ধু। এম.এ পঢ়োঁতেও প্ৰায় আটাইখিনিয়েই ইউনিভাৰ্চিটিত লগ হ’লো৷ তাৰ পিছত বাটবোৰ বেলেগ হ’ল। সঘনাই কথা বাৰ্তা নোহোৱা হ’ল৷ পিছে বন্ধুত্বৰ জৰীডাল একেই থাকিল৷ লগ হ’বলৈ কেৱল এটা অজুহাত লাগে৷ লগ পালেই অনৰ্গল কথা আৰু হাঁহিৰ সমাহাৰ৷ প্ৰত্যেকবাৰেই পাতোঁ, হোৱাটছএপ গ্ৰুপত আলোচনা কৰোঁ, আকৌ কেতিয়া লগ হ’ম? এনেকৈতো লগ হোৱাৰ কথা নাছিল! আজি ইজনীয়ে সিজনীক সাৱটি কেৱল কান্দিছোঁ৷ কৈছো তহঁত ভালে থাকিবি৷ পৰিমিতাক হেৰুৱালোঁ। কি ঠিক কাৰ জীৱন ক’ত থমকি ৰয় ! মাজুলীত কৰ্মজীৱনৰ পাতনি মেলিবলৈ পাই আনন্দিত আৰু গৌৰবান্বিত হোৱা ছোৱালীজনী আজি মৃতদেহ হৈ ঘৰলৈ উভতি আহিল৷ ফুলৰ মাজত তাই শুই আছিল ৷ আৰু আমি নিৰ্বাক হৈ চাই কেৱল চাই ৰ’লোঁ!
বাৰে বাৰে ভাঁহি আহি আহিছে বায়েকৰ মুখাগ্নি কৰা মধুমিতাৰ মুখখন ! চকুপানীয়ে কৰাল বন্ধা সেই চকুহালি৷ স্থিতপ্ৰজ্ঞৰ দৰে মুখখন! ভগৱানে এই পৰিয়ালটোক সাহস আৰু শক্তি দিয়ক৷
কটনৰ তিনিবছৰ সদায় একেখন বেঞ্চত বহিলোঁ৷ হাঁহিমুখীয়া ছোৱালীজনী, টিকলি বুলি মোক জোকায়… ক্লাছবোৰত আকৌ সদায় চিৰিয়াছ৷ চাকৰি জীৱনটোৰে নতুন পোহৰৰ বাট মেলিছিলহে তাই ! মাজুলীৰ দৰে ঠাইখনত চাকৰি পাই কিমান সুখী আছিল ! নৈখনেই কাল হ’ল… এনেকৈনো মানুহ গুচি যায়নে!…’
Leave A Comment