• এপিএছচি গোচৰত পূৰ্বে গ্ৰেপ্তাৰ হোৱা ৩৯ জনলৈ চমন !

    আঞ্চলিক
    এপিএছচি গোচৰত পূৰ্বে গ্ৰেপ্তাৰ হোৱা ৩৯ জনলৈ চমন !

    গুৱাহাটী : এপিএছচি গোচৰত পূৰ্বে গ্ৰেপ্তাৰ হোৱা ৮ জনলৈ চমন তদন্ত আয়োগৰ। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ এজনীয়া তদন্ত আয়োগে প্ৰেৰণ কৰিছে চমন। তেওঁলোক হৈছে দীপক খনিকৰ, হিমাংশু চৌধুৰী, ৰাজৰ্ষী সেন ডেকা, অনিৰুদ্ধ ৰয়, মানস প্ৰতীম হালৈ, গীতালী দলৈ, সুদীপ্তা গোস্বামী ভট্টাচাৰ্য্য আৰু জয়দেব মহন্ত।





    এই আঠগৰাকী ৰাজপত্ৰিত বিষয়াক পূৰ্বতে ডিব্ৰুগড় আৰক্ষীয়ে এপিএছচিৰ মূল গোচৰটোত গ্ৰেপ্তাৰ কৰিছিল। এওঁলোকক আয়োগে জেৰাৰ বাবে চমন দিয়াৰ কাৰ্যই বিশেষ গুৰুত্ব বহন কৰিছে। চলিত সপ্তাহৰ ভিতৰত তেওঁলোক হাজিৰ হ'ব লাগিব আয়োগৰ সমূখত।





    এতিয়ালৈ মুই ৩৯জনক চমন জাৰি কৰিছে আয়োগে৷ ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এইসকল বিষয়াক৷ APSCৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাললৈও চমন আয়োগৰ ৷ গ্ৰেপ্তাৰ হোৱা আয়োগৰ প্ৰাক্তন সদস্যলৈও প্ৰেৰণ চমন ৷ APSCৰ মুল গোচৰটোত গ্ৰেপ্তাৰ কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে৷