• এপিডিচিএলৰ ভুৱা বিল কেলেংকাৰি: অব্যাহতি ৩৬জনক

    আঞ্চলিক
    এপিডিচিএলৰ ভুৱা বিল কেলেংকাৰি: অব্যাহতি ৩৬জনক

    গুৱাহাটী : ভুৱা বিল কেলেংকাৰিত জড়িত থকাৰ বাবে নিলম্বিত হৈছে এপিডিচিএলৰ ৩৬জন কৰ্মচাৰী৷ এইসকলৰ ভিতৰত এজন এজিএম পৰ্যায়ৰ বিষয়াও নিলম্বিত হোৱা বুলি জানিব পৰা গৈছে৷ কৰ্মচাৰীকেইজনে ভুৱা মেডিকেল বিলেৰে ধন সৰকোৱা বুলি অভিযোগ উত্থাপন হৈছে৷

    এই কেলেংকাৰিৰ বিৰুদ্ধে ৰঙিয়া আৰু পল্টন বজাৰ থানাত ৰুজু হৈছে গোচৰ ৷ ইয়াৰ পাছতে পৰিচালন সঞ্চালক ৰাকেশ কুমাৰৰ নিৰ্দেশনাৰ ভিত্তিত ৩৬ বিষয়াক নিলম্বন কৰিছে APDCL কৰ্তৃপক্ষই৷

    দীৰ্ঘদিনৰ পৰা চলি আছিল এই ভুৱা বিল কেলেংকাৰি৷ কিছুদিন পূৰ্বে এই কেলেংকাৰি সন্দৰ্ভত ‘প্ৰাগ নিউজ’ত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল৷