• এমজিএনৰেগাৰ নিৰ্মাণকাৰ্যত দুৰ্নীতিৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে

    আঞ্চলিক
    এমজিএনৰেগাৰ নিৰ্মাণকাৰ্যত দুৰ্নীতিৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে

    হাজোঃ দুৰ্নীতিৰ অঘোষিত প্ৰতিযোগিতা চলিছে হাজো সমষ্টিৰ বাৰাংহাটী গাঁও পঞ্চায়তৰ অধীনৰ বিভিন্ন এলেকাত। এম জি এনৰেগাৰ জৰিয়তে হোৱা কামত বাৰাংহাটী গাঁও পঞ্চায়তত চৰম দুৰ্নীতিৰ অভিযোগ ৰাইজৰ। বাৰাংহাটী গাঁও পঞ্চায়তৰ অধীনৰ বৰঘূলিৰ মৰাজানত ৬ লক্ষাধিক টকা ব্যয় সাপেক্ষে খনন কৰা এটা নলাত সংঘটিত হৈছে অনিয়ম। বৃহত্তৰ মৰাজানৰ অঞ্চলৰ পানী ওলায় যোৱা জানটোৰে পৰেগৈ বৰলীয়া নৈত।





    কিন্তু একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু তেওঁলোকৰ ছত্ৰছায়াত কাম কৰা লোকৰ কু-কৰ্মৰ বাবে এইবাৰ ডুব যোৱাৰ আশংকা বৃহত্তৰ অঞ্চল। কিয়নো ৰাইজৰ অভিযোগ যে, আঁচনি অনুযায়ী খনন নকৰিলে নলা বা জানটো। মাত্ৰ নামমাত্ৰ কাম কৰিয়ে ধন শৰাধ কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে। উক্ত ঘটনাত ক্ষোভিত হৈ ন্যায় বিচাৰি ওলাই আহিছে ৰাইজ। সঁচাকৈয়ে ন্যায় পাবনে সাধাৰণ ৰাইজে? নে এনেকৈয়ে চলি যাব বাৰাংহাটী পঞ্চায়তৰ এম জি এনৰেগাৰ কাম, সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব।