• ঐতিহাসিক লৰ্ডছত নতুন ৰেকৰ্ড ভাৰতীয় দলৰ

    আঞ্চলিক
    ঐতিহাসিক লৰ্ডছত নতুন ৰেকৰ্ড ভাৰতীয় দলৰ

    লৰ্ডছঃ লৰ্ডছৰ দ্বিতীয় টেষ্টত দুৰন্ত ফৰ্মত দেখা পোৱা গ’ল অপেনাৰ কে এল ৰাহুলক। প্ৰথম দিনৰ শেষত ১২৭ ৰানত অপৰাজিত হৈ ৰয় ৰাহুল। দ্বিতীয় টেষ্টৰ প্ৰথমদিনা ৯০ অ’ভাৰত ভাৰতে ৩টা উইকেট হেৰুৱাই ২৭৬ৰান সংগ্ৰহ কৰিছে। সতীৰ্থৰ প্ৰদৰ্শনত সুখী অধিনায়ক কোহলী। প্ৰায় দুবছৰ টেষ্ট ক্ৰিকেটৰ পৰা আঁতৰি থকাৰ পাছত ৰাহুলে ঐতিহাসিক লৰ্ডছ খেলপথাৰত কেৰিয়াৰৰ ষষ্ঠ শতক অৰ্জন কৰিছে। উল্লেখ্য যে, বিগত ৩১ বছৰত লৰ্ডছ খেলপথাৰত শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে ৰাহুলৰ নাম।





    ভাৰতীয় ক্ৰিকেট দলৰ আনজন অপেনাৰ ৰোহিত শৰ্মাইয়ো ৰাহুলৰ পূৰ্বে শতক অৰ্জন কৰাৰ সুযোগ লাভ কৰিছিল যদিও তেওঁ ব্যৰ্থ হয়। শতক অৰ্জনৰ প্ৰত্যাশাপূৰ্ণ নহ’লেও ৰোহিত শৰ্মাই ৮৩ ৰাণৰ বৰঙণি আগবঢ়াই পেভেলিয়ন মুখী হয়। ইয়াৰ পূৰ্বে ১৯৯০ চনত লৰ্ডছৰ খেলপথাৰত শতক অৰ্জন কৰিছিল বৰ্তমান ভাৰতীয় দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে।






    আনহাতে, লৰ্ডছৰ ঐতিহাসিক ষ্টেডিয়ামত ভাৰতীয় ক্ৰিকেট দলৰ ৬৯বছৰ পুৰণি ৰেকৰ্ড ভাঙিলে ৰোহিত-ৰাহুলৰ যুঁটিয়ে। ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলে লৰ্ডছৰ খেলপথাৰত ১০০ৰানৰ অপেনিং ইনিংছ খেলিছে। ইয়াৰ পূৰ্বে বিনু মাকড় আৰু পংকজ ৰয়ে ১০৬ৰানৰ পাৰ্টনাৰশ্বিপ ইনিংছ খেলিছিল প্ৰায় ৭দশক পূৰ্বে।