Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
ট’কিঅ’ : দেওবাৰে ব্ৰিটেইনৰ বিৰুদ্ধে ভাৰতীয় হকী দলে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব। ছেমি ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতৰ এয়া সুবৰ্ণ সুযোগ। ৪ দশকৰ পাছত অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশৰ পৰা মাত্ৰ এখোজ দূৰৈত ভাৰতীয় হকী দল। ৮বাৰৰ অলিম্পিক চেম্পিয়ন ভাৰতৰ বাবে গৌৰৱময় ইতিহাসৰ পুনৰাবৃত্তিৰ এয়া এক সোণালী সুযোগ। অলিম্পিকৰ মঞ্চত ভাৰত আৰু ব্ৰিটেইনে এতিয়ালৈকে ৮বাৰ সমুখ-সমৰত অৱতীৰ্ণ হৈছে। দুয়োটা দলে ৪-৪ৰ সমতা স্থাপন কৰিবলৈ সক্ষম হৈছে। অৱশ্যে, ৰেংকিঙৰ তালিকাত ব্ৰিটেইনৰ তুলনাত ভাৰতৰ স্থান উন্নত। ভাৰত তৃতীয় আৰু গ্ৰেট ব্ৰিটেইন পঞ্চম স্থানত আছে।
উল্লেখ্য যে, ১৯৮০-ৰ মস্কো অলিম্পিকত ভাৰতে অন্তিম পদক জয় কৰিছিল। বাসুদেৱন ভাস্কৰণৰ
অধিনায়কত্বত জয়লাভ কৰিছিল ভাৰতীয় হকী দলে।পৰৱৰ্তী সময়ত ভাৰতীয় দলৰ প্ৰদৰ্শন নিম্নগামী হয়। আনকি, ১৯৮৪ চনৰ ল’ছ এঞ্জেল’ছ অলিম্পিকত পঞ্চম স্থানলৈ উন্নীত হোৱাৰ পাছতো উন্নত প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হৈছিল ভাৰতীয় হকী দল। ২০০৮ চনত বেইজিং অলিম্পিকত প্ৰথম বাৰলৈ ভাৰতে কোৱালিফাইৰ যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছিল। ২০১৬ৰ ৰিঅ’ অলিম্পিকতো অন্তিম স্থানত আছিল ভাৰত। ভাৰতৰ হকীৰ গ্ৰাফডাল দিনকদিনে নিম্নগামী হৈছিল। কিন্তু বিগত ৫বছৰত ভাৰতীয় হকীয়ে পূৰ্বৰ ছন্দ উভতাই পোৱা বুলি শেহতীয়া প্ৰদৰ্শনবোৰে পতিয়ন নিয়াইছে। চলিত অলিম্পিকত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১-৭ৰ শোচনীয় পৰাজয়ৰ পাছত পৰৱৰ্তী খেলসমূহত উন্নত প্ৰদৰ্শন দেখুৱালৈ সক্ষম হৈছে ভাৰতে। ৫খন খেলৰ ৪খনত জয়লাভেৰে পুল-‘এ’-ৰ দ্বিতীয় স্থান অধিকাৰ কৰিছে ভাৰতে। ভাৰত-ব্ৰিটেইনৰ কোৱাৰ্টাৰ ফাইনেল খেলখন আজি সন্ধিয়া ৫:৩০ বজাত অনুষ্ঠিত হ’ব।
Leave A Comment