• ওৰাং ৰাষ্ট্রীয় উদ্যানত চূড়ান্ত অৰাজকতা : সুৰক্ষাহীন বন্যপ্ৰাণী

    আঞ্চলিক
    ওৰাং ৰাষ্ট্রীয় উদ্যানত চূড়ান্ত অৰাজকতা : সুৰক্ষাহীন বন্যপ্ৰাণী

    ওৰাং : ওৰাং ৰাষ্ট্রীয় উদ্যানত চূড়ান্ত অৰাজকতা৷ সুৰক্ষাহীন হৈ পৰাৰ অভিযোগ ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীসমূহ৷ অভিযোগ অনুসৰি, উদ্যানখনত পিপলি চেঙত মাছৰ চোৰাং বেহা অব্যাহত আছে৷ আনকি এই দুষ্প্ৰাপ্য মাছবিধৰ চোৰাং বেহাত নামিছে বনকৰ্মীও।









    স্থানীয় একাংশ দুৰ্বৃত্তয়ো নিৰ্বিঘ্নে চলাইছে চিকাৰ৷ আনহাতে ৰাষ্ট্ৰীয় উদ্যানখনৰ আন এক ঘটনাই চকু কপলাত উঠাইছে সাধাৰণ ৰাইজৰ৷ এসপ্তাহ পূৰ্বে উদ্যানখনত ম’হ হত্যা কৰি ভগাই খাইছিল মাংস৷













    তাৰ উপৰি চোৰাং চিকাৰীয়ে হত্যা কৰি কাটি লৈ যায় গঁড়ৰ খৰ্গ৷ উদ্যানখনৰ এনে অৰাজকতাত ক্ষোভ প্ৰকৃতিপ্ৰেমীৰ৷ শীঘ্ৰেই বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায় চৰকাৰক৷