• ক'ভিড কেয়াৰ চেন্টাৰত থকা ৰোগীক দিয়া হ'ব টকা !

    আঞ্চলিক
    ক'ভিড কেয়াৰ চেন্টাৰত থকা ৰোগীক দিয়া হ'ব টকা !

    গুৱাহাটী : ক'ভিডৰ ক্ষেত্ৰত এতিয়া অসম সন্তোষজনক স্থিতিত আছে বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ শীঘ্ৰে অসমলৈ কেন্দ্ৰই পুনৰ ৩ লাখ ভেকচিন পঠিয়াব বুলি জানিবলৈ দিয়ে৷ বৰ্তমান ৰাজ্যত মুঠ ৪ লাখ ভেকচিন আছে।





    আৰু পঢ়িব পাৰিব: অবৈধ প্ৰেমৰ পৰিণতি : হত্যাকাণ্ডৰ বলি হ’ল বিশিষ্ট ব্যৱসায়ী হৰিপদ তালুকদাৰ





    অহা ২, ৩ মে'লৈকে ভেকচিনৰ নাটনি নহয়৷ ১৩ হাজাৰ ৰেমডেছিভিৰ ইঞ্জেক্সন আছে, এসপ্তাহলৈ নাটনি নহয়৷ ইয়াৰ উপৰি ১০-১৫টা মিনি অক্সিজেন প্লান্ট বনোৱাৰ চিন্তা-চৰ্চা কৰি থকা হৈছে বুলিও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে৷ ইপিনে ক'ভিড কেয়াৰ চেন্টাৰত থকা ৰোগীলৈ দৈনিক ৩০ টকা আগবঢ়াইছে চৰকাৰে৷ পুৱা, দুপৰীয়া আৰু নৈশ আহাৰৰ বাবে পানী ক্ৰয় কৰিব পাৰিব ক'ভিড চেন্টাৰৰ সন্মুখত থকা কেন্টিনৰ পৰা৷





    ইয়াৰ উপৰি মন্ত্ৰী শৰ্মাই গাওঁসমূহত হ'ম কোৱাৰেন্টাইন কাৰ্যকৰীৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিবলৈ একোখন কমিটি বনোৱা হ'ব বুলি জানিবলৈ দিয়ে৷ কাইলৈৰ পৰা সৰুসজাইত ৪০০ আৰু কাহিকুঁচিত ২৫০খন বিছনা মুকলি কৰিব৷





    আৰু পঢ়িব পাৰিব: ক’ভিডৰ পৰা হাত সাৰি যোৱা নাই পৃথিৱীৰ সৰ্বোচ্চ শৃংগও…





    ২৮ এপ্ৰিলৰ পৰা সৰ্বসাধাৰণে ল'বলগা ভেকচিনৰ পঞ্জীয়ন আৰম্ভ হ'ব আৰু অনলাইন পৰ্টেল মুকলি কৰা হ'ব৷ ১৮ৰ পৰা ৪৫ বছৰ বয়সলৈ ভেকচিন বিনামূলীয়া হ'ব, যাৰ বাবে অসম চৰকাৰে আৰোগ্য নিধিৰ ধন ব্যয় কৰিব৷ ৪৫ বছৰ বয়সৰ উৰ্ধাৰ বাবে ভেকচিনৰ ব্যৱস্থা কৰিব কেন্দ্ৰই৷ সকলোকে সাৱধান হোৱাৰ আহ্বান জনাই হিমন্তই অসমত ডাৱল মিউন্টেন্টৰ প্ৰকোপ দেখা গৈছে, সামাজিক সংক্ৰমণ হৈছে বুলি কয়৷