• ক'ভিড পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ !

    আঞ্চলিক
    ক'ভিড পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ !

    গুৱাহাটী : ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে ভিডিঅ' কনফাৰেন্সযোগে ৰাজ্যৰ ক'ভিড-১৯ৰ পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা কৰে। বৈঠকত অসমৰ জিলাসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ লগতে অন্যান্য বিষয়ববীয়াৰ সৈতে মুখ্যমন্ত্ৰীয়ে সামগ্ৰিক অৱস্থাৰ বুজ লয়।





    আৰু পঢ়িব পাৰিব : কৰ’না ভীতিৰ মাজতে সুখবৰ : আইমী বৰুৱালৈ গুৰুত্বপূৰ্ণ স্বীকৃতি





    বৈঠকত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে৷ চিকিৎসালয়সমূহ নিয়মিতভাৱে পৰিদৰ্শন কৰি ক'ভিড-১৯ ব্যৱস্থাপনাৰ বিস্তৃত বুজ লোৱাৰ লগতে প্ৰয়োজনীয় ঔষধৰ মূল্য যাতে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত থাকে, তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে৷





    জিলাসমূহত ব্যাপকভাৱে ক'ভিড-১৯ সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰাৰ লগতে সাম্প্ৰতিক অৱস্থা সন্দৰ্ভত জনসাধাৰণক সবিশেষ অৱগত কৰিবলৈও বিষয়াবৰ্গক নিৰ্দেশ দিয়ে৷ ৰাজ্যৰ সাপ্তাহিক বজাৰসমূহ ছেনিটাইজ কৰাৰ উপৰিও চাহ বাগিচা অঞ্চলত জনসচেতনতা বৃদ্ধিৰ বাবে যাৱতীয় পদক্ষেপ ল'বলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে৷





    আৰু পঢ়িব পাৰিব : নাৰকীয় : ৰাজ্যত ধৰ্ষণ-হত্যাৰ বলি আন এগৰাকী কনমাণি





    ইয়াৰ উপৰি কোনোপধ্যেই যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নহয়, তাৰ বাবে চেম্বাৰ্ছ অৱ কমাৰ্ছৰ সৈতে সঘনাই আলোচনা কৰিবলৈও বিষয়ববীয়াক নিৰ্দেশ দিয়ে৷ মহামাৰীৰ জটিল পৰিস্থিতিত জিলাসমূহত যাতে নিয়মীয়াকৈ বিদ্যুৎ যোগান অব্যাহত থাকে, তাৰ বাবে এপিডিচিএল-ৰ সৈতে আলোচনা কৰি বিহিত ব্যৱস্থা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে৷