• ক'ভিড যুদ্ধত আৰ্থিক সাহায্য আৰচিবিৰ, নিলাম হ'ব 'স্পেচিয়েল ব্লু জাৰ্চী'

    আঞ্চলিক
    ক'ভিড যুদ্ধত আৰ্থিক সাহায্য আৰচিবিৰ, নিলাম হ'ব 'স্পেচিয়েল ব্লু জাৰ্চী'

    বেংগালুৰুঃ আইপিএলৰ বিগত ১৩টা ছিজনত ট্ৰফী জয় কৰিব নোৱাৰিলেও দেশবাসীৰ অন্তৰ জয় কৰিছে আৰচিবি-এ। ক'ভিড মহামাৰীৰ বিৰুদ্ধে সমগ্ৰ দেশে যুজি থকাৰ সময়তে আইপিএল ফ্ৰেন্সাইজি আৰচিবি-এ আৰ্থিক সাহায্য ঘোষণা কৰিছে।





    আৰু পঢ়িব পাৰিব : অসমেহে বচালে বিজেপিৰ মান, পশ্চিমবংগত ‘দিদি’ৰ চমৎকাৰ





    দলটোৰ অফিচিয়েল টুইটাৰ একাউণ্টত অধিনায়ক বিৰাট কোহলিয়ে এক ভিডিঅ'যোগে এই কথা ঘোষণা কৰিছে। দেশত অক্সিজেনৰ নাটনিৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰচিবি-এ অক্সিজেন যোগানৰ বাবে এই সাহায্য আগবঢ়াব।





    আৰু পঢ়িব পাৰিব : কোন সমষ্টিত কোনে মাৰিলে বিজয়ৰ হাঁহি? ‘প্ৰাগ নিউজ’ৰ নিৰ্বাচনী আপডেট





    ইয়াৰ উপৰি আইপিএলৰ পৰৱৰ্তী এখন খেলত আৰচিবি-এ পৰিধান কৰিবলগীয়া 'স্পেচিয়েল ব্লু জাৰ্ছি' নিলামৰ বাবে মুকলি কৰা হ'ব আৰু তাৰ দ্বাৰা সংগ্ৰহ হোৱা ধনৰাশি ক'ভিড যুদ্ধৰ বাবে আগবঢ়োৱা হ'ব।