• ক'ৰ পৰা আহিল ঢলপুৰ পাহাৰলৈ পৰিভ্ৰমী মৌ: গছ-বিৰিখ, শিলত সাজিছে বাহ

    আঞ্চলিক
    ক'ৰ পৰা আহিল ঢলপুৰ পাহাৰলৈ পৰিভ্ৰমী মৌ: গছ-বিৰিখ, শিলত সাজিছে বাহ

    ডিজিটেল ডেস্ক : প্ৰকৃতি অনন্য; প্ৰকৃতি উমান বুকুত সজীৱ হয় সেউজ ধৰা৷ তাতে বাস লয় নানান প্ৰজাতিৰ পশু-পক্ষীয়ে৷ তেনে এক অপূৰ্ব সৌন্দৰ্য্যই দৃষ্টি আকৰ্ষণ কৰিছে দৰং বাসীক৷ প্ৰকৃতিৰ অপৰূপাই হাত বাউলী মাতিছে যেন সকলো প্ৰকৃতি প্ৰেমিক৷ তেনে এক পৰিভ্ৰমী মৌ জাকে অনন্য সৌন্দৰ্যৰ উপহাৰ মেলিছে ঐতিহ্যমণ্ডীত ঢলপুৰ পাহাৰত৷ পাহাৰখনৰ বক্ষত বাস কৰিছে পৰিভ্ৰমী মৌজাকে৷ ১০০ৰো অধিক মৌৱে বাস কৰি ছিপাঝাৰৰ ঢলপুৰলৈ কঢ়িয়াই আনিছে পৰ্যটকৰ প্ৰচুৰ সম্ভাৱনা৷ পৰিভ্ৰমী মৌৰ আগমণে আপ্লুত কৰি ৰাখিছে ঢলপুৰৰ মন্দিৰৰ পিছ অংশ৷ যাৰ বাবে প্ৰত্যক দিনাই স্থানীয় লোকৰ আগমণ ঘটে সেই বিশেষ ঠাইডোখৰলৈ৷





    চালে চকুৰোৱা ঢলপুৰৰ পাহাৰত মৌৰ আগমণে সম্ভাৱনাময় কৰি তুলিছে৷ যাৰ বাবে স্থানীয় বিধায়ক তথা এসময়ৰ অসম সাহিত্য সভাৰ সভাপ্ৰতি পৰমানন্দ ৰাজবংশীয়ে কিছু বিশেষ পদক্ষপো হাতত লৈছে৷ ইপিনে মৌৰ অভাৱনীয় সমাগৰে উৎসাহিত কৰিছে ঢলপুৰৰ বাসীক৷ যাৰবাবে পৰামনন্দ ৰাজবংশীয়ে মৌৰ সংৰক্ষণৰ উদ্যোগ গঢ়ি তোলাৰ ওপৰতো চিন্ত চৰ্চা কৰাৰ কথা ব্যক্ত কৰিছে৷ মৌমাখিৰ বাহসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিব কৃষি প্ৰকল্পই৷





    ইতিমধ্যেই ঢলপুৰত আৰম্ভ হৈছে গৰুখুঁটিৰ প্ৰকল্পৰ কাম৷ য'ত ৩হাজাৰ বিঘা মাটিত সৰিয়হৰ খেতি কৰা হৈছে৷ মন্দিৰৰ দাঁতি কাষৰীয়া অঞ্চলত থকা সৰিয়হৰ আৰু পাহাৰৰ বক্ষত বাস কৰা মৌ-জাকে কঢ়িয়াই আনিছে অনাবিল সৌন্দৰ্য্য৷ সৰিয়হ ফুলৰ ওপৰত যেন প্ৰেম নিবেদিছে মৌ -মাখি জাকে৷ জাকে জাকে মৌমাখি ব্যস্ত এতিয়া মৌ আহৰণত কৰিছে৷ যেন প্ৰেমৰ সাগৰত ডুৱ গৈ প্ৰমিকে অকুলতা যাচিছে প্ৰেম৷ আৰু এই দৃষ্টিনন্দন সৌন্দৰ্যৰ সাক্ষী হয় ঢলপুৰ বাসী৷